স্নেপশ্বট (.১.) :
কলেজৰ পৰা ৰুমলৈ আহি আছো । ৰাস্তাটো পাৰ হ’ব নোৱাৰা বাবে দীঘলীপুখুৰীৰ
পাৰতে ৰৈ আছিলো । তেনেতে এটা সৰু ল’ৰা আগবাঢ়ি আহিল আৰু মোৰ আগত তাৰ হাতত
থকা বাতিটো আগবঢ়াই দিলে । ল’ৰাটোৰ চেহেৰা-পোছাক চাই বেয়া লাগিল আৰু তাৰ
বাতিটোত টকা দুটা দি দিলো । সি দৌৰি গুচি গ’ল । মইও আহিব ওলাইছিলোৱে ,
তেনেতে মোৰ পুনৰ ল’ৰাটোৰ প্ৰতি চকু গ’ল ।এইবাৰ তাক দেখিলো দোকান এখনৰ আগত ।
ভাবিলো , “নিশ্চয় কিবা খোৱা-বস্তু আনিব গৈছে । ” পিছমূহুৰ্ততে তাক
দোকানখনৰ পৰা ওলাই অহা দেখিলো । পিছে তাৰ হাতত মই ভবাৰ দৰে বিস্কুট বা
চকলেট নাছিল ; তাৰ হাতত আছিল বিষাক্ত ‘ DENDRITE ’ ৰ পেকেট এটা । মোৰ চকুৰ
আগতে সি ‘ DENDRITE ’ খিনি হাতত ল’লে , এবাৰ শুঙিলে আৰু খাই পেলালে ।
কেইটামান মূহুৰ্তৰ ভিতৰতে এই ভয়াবহ কামতো সংঘটিত কৰি সি সেইখিনি ঠাইৰ পৰা
দৌৰ দিলে ।
আমাৰ বাৰু এইখিনি ল’ৰা-ছোৱালীৰ প্ৰতি অকণমানো দায়িত্ব নাইনে
???????????????
স্নেপশ্বট (.২.) :
সময় দুপৰীয়া ১ মান বাজিছে । পানবজাৰলৈ ওলাই গৈছিলো কিতাপ কিনিবৰ বাবে ।
দুপৰীয়াৰ গুৱাহাটীৰ ৰাস্তা । ভীষণ ব্যস্ত । তেনেতে দেখিলো বয়সিয়াল মানুহ
এজনে হাতত পেং লৈ ZEBRA CROSSING ত ৰখি আছে । কিন্ত এখনো গাড়ীয়ে
মানুহজনলৈ লক্ষ্য কৰি গতিবেগ কমোৱা নাই ; গাড়ী ৰখোৱাটো দূৰৈৰে কথা ।
গুৱাহাটীৰ ৰাজপথত দামী গাড়ী চলোৱাটো ডাঙৰ কথা নহয়; ZEBRA CROSSING বা
TRAFIC SIGNAL মানি গাড়ী চলোৱাটোহে ডাঙৰ কথা ।
• মানুহজনক ৰাস্তাটো পাৰ হৈ যোৱাত সহায় কৰি দি এক অনন্য অনুভূতিৰ অংশীদাৰ
হ’লো ।
স্নেপশ্বট (.৩.) :
চন্দনা গোস্বামীৰ ‘পাটকাইৰ ইপাৰে মোৰ দেশ ’ গ্ৰন্থখন পঢ়িলো । লেখিকাই যে
কিতাপখনৰ বাবে যথেষ্ঠ কষ্ট কৰিছে তাৰ প্ৰমাণ কিতাপখনৰ প্ৰতিটো পৃষ্ঠাতে
পোৱা যায় । ১৩,১৪ শতিকাৰ এইছোৱা বুৰঞ্জী লেখিকাই যথেষ্ঠ কষ্টেৰে উপন্যাস
আকাৰে লিপিবদ্ধ কৰিছে । কিতাপখনক লৈ যিমানে সমালোচনা নহওঁক , তথাপিও মই
এইটো কথা বাৰে বাৰে কম যে কিতাপখন পঢ়ি ‘ শিকিলো , জানিলো , বুজিলো ’ ।
• কিতাপখনৰ আৰম্ভণিতে লেখিকাই কিতাপখনক এখন উপন্যাস বুলি কৈছে । কিতাপখনৰ
মাজত ভুলৰ সন্ধান কৰা , কাহিনীক বিকৃত কৰা বুলি অভিযোগ তোলা সমালোচকসকলে
কথাতো মন কৰা উচিত । কাৰণ কাহিনীক ৰসাল আৰু মনোগ্ৰাহী কৰাৰ স্বাৰ্থত
কেতিয়াবা কেতিয়াবা কিছুমান চৰিত্ৰ বা কাহিনী সজাই-পৰাই একো-একোখন
উপন্যাসত অন্তৰ্ভূক্ত কৰা হয় ; কোনো বুৰঞ্জীমূলক উপন্যাসেই ইয়াৰ
ব্যতিক্ৰম নহয় ।
স্নেপশ্বট (৪) –
ভাড়া ঘৰৰ পানীৰ
টেংকীটো বেয়া হৈ আছিল বহু
দিনৰ পৰা । অৱশেষত
মালিকে টেংকিটো ভাল
কৰিবলৈ মানুহ এজন মাতিলে । পানীৰ
টেংকীটো ভাল কৰি থাকোতে তেওঁ মোৰ
চকুৱে চকুৱে পৰিলে , মানুহজনৰ
ওচৰলৈ গ’লো আৰু চিনাকি হ’লো ।
তেওঁৰ নাম খাইৰুল । ঘৰ গোৱালপাৰাৰ
কোনো এখন গাওঁত । গুৱাহাটীলৈ ৭-৮
বছৰ
আগেয়ে উঠি আগেয়ে উঠি আহিছে আৰু
কাৰিকৰৰ
কাম কৰি কোনোমতে পেট প্ৰৱৰ্ত্তন
কৰি আছে ।
কথাৰ মাজতে মানুহজনৰ ঘৰ-সংসাৰৰ
কথা ওলাল
। মানুহজনৰ পৰিয়াল তিনিজনীয়া ;
পত্নী আৰু
ল’ৰাৰ সৈতে । ল’ৰাটোক নাম লগাই
দিছে গুৱাহাটীৰে জাতীয় বিদ্যালয়
এখনত ।
খাইৰুলে কৈ গ’ল ; “ ভাইটি ;
কেতিয়াবা দূখ
লাগে বুজিছা ! ভালদৰে পঢ়া-
শুনা কৰিব
পাৰিলে হয়তো এনে অৱস্থা নহ’লহেঁতেন
।
নিজেতো ভাষাটো ভালদৰে লিখিব
নিশিকিলোৱে ! কিন্তু ল’ৰাটোক
জাতীয়
বিদ্যালয়ত দিছো । আমাৰ
ল’ৰা ইংৰাজী মাধ্যমত পঢ়ি চাহাব
হ’ব নালাগে ,
সি অসমীয়া মাধ্যমতে পঢ়ক ; কিন্তু
সি যাতে অসমীয়া ভাষা আৰু সংস্কাৰ
ভালদৰে শিকে । তাৰ
বাবে লাগিলে মই
ভিক্ষায়ে কৰিব নালাগক কিয় !
ভাবিলো, “ খাইৰুলহতঁৰ দৰে মানুহ
থকালৈকে অসমীয়া , অসমীয়া ভাষা আৰু
অসম
নমৰে । অসমীয়াৰ অসম , অসম
হৈয়ে ৰৈ যাব যুগ
যুগান্তৰলৈ । ”
( ঘটনাটো সম্পূৰ্ণ সত্য । মাথো চৰিত্ৰ
আৰু
ঠাইৰ নাম সলনি কৰা হৈছে । )
No comments:
Post a Comment