Wednesday 30 July 2014

বস্তুবাদ

বস্তুবাদ

বগলীটো উৰাৰ সময়তে কাৰোবাৰ অতীত
প্ৰকাশিত হয় বাতৰিকাকতৰ দস্তাবেজত ।
শিয়ালৰ জয়াল আৰাৱৰ দৰেই হৈ পৰে বাঁহীৰ
সুৰবোৰ । নিজানতা আৰু অতৃপ্ততাত
ঠায়ে ঠায়ে মৃত্যু ঘটে কাৰোবাৰ শৈশৱৰ ।

একেদৰেই ক্ষয় হয় আমাৰ দৰে মধ্যবৃত্তৰ
সপোনবোৰ । যোগাযোগৰ অভাৱত মৃত্যু
ঘটে পৰিচয় , প্ৰেম আৰু সফলতাৰ ।
আকৌ আৰম্ভ হয় এখন নতুন খেল ।
একেকেইজনেই খেলুৱৈ … কিন্তু বেলেগ
দৰ্শক !

আচৰিত ।

নিজান দুপৰীয়াৰ কবিতাবোৰৰ দৰেই
তেজবোৰো গোট মাৰে । বাঁহৰ চুঙাত
লৈ তাৰেই
সিঁহতে মহাভোঁজ পাতে ।

অভ্যাগতৰ টকাৰ খেল
আৰু মিঠা আঘাতৰ জনজননি ।
একেইটো সকলো ।
মই , আমি , আপোনালোক !

বাকী নতুন অধ্যায়বোৰ একেদৰেই ৰচিত হ’ব

হয়তো কোনো নতুন উত্তৰপুৰুষৰ হাতত ।

আমি মাথো ৰৈ থাকিম ।

বুকুত জীৱনৰ কিতাপ সাৱটি !!!

Saturday 28 June 2014

আৰু কিমান দূৰ ?

যোৱানিশা ফুটবল বিশ্বকাপৰ খেল এখন চাই
আছিলো । খেলখন আছিল হণ্ডুৰাছ আৰু
ইকুৱেডৰৰ মাজত ।
খেলখন আৰম্ভ হোৱাৰ
আগতে দুয়োখন দেশৰেই জাতীয় সংগীত পৰিৱেশন
কৰা হৈছিল । হণ্ডুৰাছৰ খেলৱৈসকলক
দেখিছিলো , যথেষ্ট মন-প্ৰাণ ঢালি , দুচকু
মুদি গীতটি গায় আছিল । একেসময়তে তেওঁলোকৰ
দেশৰ নাগৰিক সকলেও দৰ্শকৰ আসনৰ পৰা থিয়
দিছিল আৰু জাতীয় সংগীতটি গাইছিল ।
কি যে এক ভাল লগা দৃশ্য !
একসময়তে মোৰ যথেষ্ট বেয়াও লাগিছিল । ৩২
খন দেশৰ জাতীয় সংগীত পৰিৱেশিত হ’ল । কিন্তু
ইয়াৰ মাজত নাই আমাৰ ভাৰতবৰ্ষ । অতিশয়
অনগ্ৰসৰ , মাত্ৰ কেইলাখমান
জনসংখ্যা থকা দেশেও আজিৰ তাৰিখত
পৃথিৱী কঁপাই আছে , একমাত্ৰ ফুটবলৰ জৰিয়তে ।
কিন্তু আমি , শতাধিক কৌটিৰ দেশ এখন হৈও
সমৰ্থন কৰিবলগীয়া হৈছে ব্ৰাজিল , জাৰ্মানীৰ
দৰে আনৰ দেশক । উপায়হীন আমি !
একেদৰে কালি CNN ত
দেখিলো কিদৰে ক’ষ্টাৰিকাৰ জনতাই ৰাজপথত
উল্লাসেৰে আনন্দোৎসৱ পালন কৰিছে ।
ৰাজপথত মাথো ক’ষ্টাৰিকাৰ পতাকা ।
কোনদিনা যে আমিও একেদৰেই উল্লাস কৰিব
পাৰিম !
ভাৰতবৰ্ষৰ ৰাজপথ ভৰি পৰিব গেৰুৱা , শুকুলা আৰু
শ্যামল ৰঙেৰে !
কোনদিনা একেদৰেই বাজি উঠিব আমাৰ ‘জন গন
মন’ বিশ্বকাপ ফুটবলৰ ষ্টেডিয়ামত !
আশাকৰো সেই সুদিন সোনকালেই আহক ।

Thursday 12 June 2014

খেল আৰু পৃথিৱী...

এখন কেৰমবোৰ্ড !
খেলুৱৈ দুজন এফালে এটা মেকুৰী আৰু আনফালে এজন উকীল

উকীলৰ হাতত এডাল ‍‍‍‍‍ঝাড়ু আৰু মেকুৰীটোৰ মুখত এখন 'ঈশ্বৰৰ ফটো'

লাহে লাহে খেল আৰম্ভ হয়

খেলৰ লগে লগে দূৰৈত ভিক্ষাৰীজনে চিঞঁৰে ‌Fortune Fortune বুলি
একেসময়তে কাৰোবাৰ গানত গঁড়বোৰে চকুপানী টোকে
সেউজীয়া বৰষুণ আৰু লেখকৰ শৱযাত্ৰা মিহলি হৈ একেলগে বজাই চনেটৰ মূৰ্চ্ছনা

খেল শেষ নহয় , চলিয়েই থাকে

ক্ৰমে ক্ৰমে কেৰমৰ গুটিবোৰ মেকুৰীটোৰ পেটলৈ গমন কৰে
লাহে লাহে 'আন্তজাল' সংযোগ বিচ্ছিন্ন হয়
উকীলজনে খেলখন পুনৰ আৰম্ভ কৰে

আপুনি খেলিবনে খেলখন ?
খেলিবনে ?

ফুটবল , ব্ৰাজিল আৰু মই

ফুটবল , ব্ৰাজিল আৰু মই
ধ্যানছাঁদ , তেণ্ডুলকাৰ আৰু আনন্দৰ দেশত ওপজিলেও জনা-বুজা হোৱাৰ পৰা ফুটবলৰ প্ৰতিহে মোৰ অদম্য আকৰ্ষণ ইউৰোপীয়ান লীগকে ধৰি বিভিন্ন খেলবোৰ মাজনিশা যেতিয়াই তেতিয়াই চাও বিশ্বকাপ বুলিলেতো কথাই নাই সৰুৰে পৰা দেউতাৰ মুখত শুনিছো পেলেৰ কথা ; লগতে শুনিছো এলবাৰ্টো টৰেছ , ৰিভেলিনো , জিকো , ৰোমাৰিও , কাকুৰ কথা প্ৰেমত পৰিছো ব্ৰাজিলৰ , ব্ৰাজিলৰ ফুটবল আৰু ছাম্বা নৃত্যৰ
১৯৯৮ চনৰ বিশ্বকাপৰ  কথা মনত নাই , কিন্তু শুনিছো কিদৰে ৰোণাল্ডোৰ হাতৰ পৰা জিদানে সোণালী কাপতো কাঢ়ি লৈ গৈছিল ২০০২ বিশ্বকাপৰ কথা অলপ লেও মনত আছে মনত আছে কিদৰে চেনেগাল , তুৰ্কীয়ে ঘটাইছিল অঘটন ৰোণাল্ডো আৰু ৰোণাল্ডিনহোৰ দুভৰিৰ যাদুৰ কথা মুখে মুখে বাগৰিছিল আৰু বিচৰা ধৰণেই ব্ৰাজিল হৈছিল বিজয়ী
২০০৬ বিশ্বকাপ ভালকৈ উপভোগ কৰিছিলো আশা কৰিছিলো জাৰ্মানীত বাজিব ছাম্বাৰ লহৰ কিন্তু ভবামতে নহৈ ফ্ৰান্সৰ হাতত ব্ৰাজিল পৰাজিত হৈছিল জিদানৰ সম্মুখত পুনৰবাৰ নিসহায় হৈ ৰৈছিল ৰোনাল্ডো অৱশ্যে ঘানাৰ বিৰুদ্ধে গোল কৰি ৰোনাল্ডোই বিশ্বকাপৰ  সৰ্বাধিক গোল কৰাৰ ইতিহাস ৰচনা কৰিছিল
২০১০ বিশ্বকাপটো ব্ৰাজিলে নিৰাশ কৰিছিল মোৰ দৰে অজস্ৰ অনুৰাগীক
২০১৪ ! এইবাৰ ব্ৰাজিল আয়োজক
নেইমাৰ , ছিজাৰ , ছিলভা , হালকৰ ওপৰত আমাৰ সহস্ৰ আশা
পাৰিবনে নেইমাৰে ক্ল , মেছি , বালুটনি , ৰোনাল্ডক , ইনিয়েষ্টাক পৰাভূত কৰিব ?
পাৰিবনে ব্ৰাজিলে বাফনৰ হাতৰ ফাকেঁৰে গোল কৰিব ?
পাৰিবনে জেৰাৰ্ডৰ ৰণকৌশল ভেদ কৰিব ?
উত্তৰ পাবলৈ আৰু কেইটামান ঘণ্টা বাকী ১২ জুলাই বা তাৰ আগতেই আমি পায় যাম সকলো প্ৰশ্নৰ উত্তৰ আহক একেলগে উপভোগ  কৰো ২১ শতিকাৰ এইখন ৰক্তপাতবিহীন মহাযুদ্ধ !
^ সৌৰভ দত্ত

  ১২/০৬/২০১৪

Wednesday 2 April 2014

মোৰ ছাঁ

We are different .
তুমিয়েইটো কৈছিলা ।
মই কওঁ আমি বেলেগ নহয় ।

মইও সেই একেটাই স্বপ্নাতুৰ ।

মাথো দুটি বেলেগ
কক্ষপথেৰে ঘূৰি থকা দুটি অনুজ্জ্বল নক্ষত্ৰ।

সপোনমিহলি কথাবোৰ পাহৰিলাই কিজানি !
বকুলৰ তলত একেলগে বহাৰ সেই কল্পনাবোৰ !

আৰু হৃদয়ৰ ষ্টপেজটিত ৰৈ থকাৰ আশাবোৰ ,
কোনোবা অচিন চিনাকিৰ আগমণলৈ বুলি ।
হয়তো শেষ বিন্দুটিতো দেখি যাবা মোৰেই
ছাঁ !

আশাকৰো ভুল নুবুজিবা ।

Sunday 9 March 2014

মৃত্যুকামনা, সেন্দুৰ আৰু এটি পদ্য

মৃত্যুকামনা, সেন্দুৰ আৰু এটি পদ্য

••••••••••
তোমাৰ নৃত্যৰ মৃত্যুকামনা
আৰু তোমাৰ গানৰ ,
দুয়োটাই সঁচা
আৰু তোমাৰ
হৃদয়ৰ টিউলিপ জোপাৰ ৷
কান্দিবাচোন কেতিয়াবা ,
শৃংখলবোৰ ভাঙিব'লে !

••••••••••••
সেন্দুৰ উৰে,
বতাহত উৰে
আৰু
হাঁহিটো উৰে ৷
একেখিনি সেন্দুৰ পুনৰ উৰে
উৰি তোমাৰ সেঁওতাত পৰে
নীলা সেন্দুৰো উৰি আহে ৷

••••••••••••
চকু ফটা ছোৱালীজনীৰ
কিমান যে কথা ....
তাইতো নেদেখা চকু নফটা পৃথিৱীৰ ছায়া
তাই ভিক্ষাও খোজে
খুচুৰাৰ শব্দত
টোপনি ভাঙে ৷

( আন্তৰ্জাতিক নাৰী দিৱস
উপলক্ষে প্ৰতিগৰাকী নাৰীৰ হাতত)

Thursday 27 February 2014

শেষপত্ৰ ( গল্প)

শেষপত্ৰ …..

মৰমৰ মা ,

মই যে আজি কল্পনাৰো সিপাৰত ।
নভবা বাস্তৱে আজি কান্দি আছে মোৰ হৃদয়ৰ
শিলটুকুৰাত !

তুমিও !
তুমিওটো এক নভবা ঘটনাৰ নীৰৱ দৰ্শক আৰু
সসীমলৈ ধাৱিত নাৰী !

হয়তো ভাবিবা !
দোষ কাৰ ?
মোৰ ? তোমাৰ ?দেউতাৰ ? আমাৰ পৰিয়ালৰ ?
সমাজৰ ?

মা ! দোষ কাৰো নহয় । দোষ সময়ৰ ।

নভবাকৈয়ে হয়তো সময় হৈ উঠিল এজন পাকৈত
খেলুৱৈ ।

তুমিতো জানাই । মই দবা খেলি ভাল
পাইছিলো ।সহজ আছিল বিপক্ষক
ধৰাশায়ী কৰাতো , মোৰ বাবে ।
ভাবিছিলো !

ভাবিছিলো , সময়কো ধৰাশায়ী কৰি দিম ;
সহজেই ।
কিন্তু , সময় যে ইমান পাকৈত
খেলুৱৈ মইতো উমানেই নাপালোঁ ।

মই হাৰি গ’লো মা ; মই হাৰি গ’লো ।
এইটো জীৱনত মই প্ৰথমবাৰৰ
বাবে হাৰি গ’লো । সময়ক জিকিব দি মই
হাৰি গ’লো ।

মা!

আজি মোৰ দূৰ অতীতলৈ মনত পৰিছে । মোৰ
মনত আছে মা তুমি মোক বহু ডাঙৰলৈ কোলাত
লৈ ফুৰিছিলা । সমনীয়াৰ লগত
কাজিয়া কৰোঁতে যে মোক
স্কেলেৰে কোবাইছিলা । আৰু ! আৰু জ্বৰ
হ’লেযে মোক খুৱাই দিছিলা ।

মই জিকিলে তুমিয়ে হাঁহিছিলা আৰু হাৰিলেও
তুমিয়ে কান্দিছিলা । মনত আছেনে তোমাৰ সেই
দিনটি ; মেট্ৰিকৰ যে ফলাফল দিছিল ! ফলাফল
আশানুৰূপ নহওঁতে মোৰ লগত যে তুমিও
কান্দিছিলা ।

ঘৰৰ পৰা প্ৰথমবাৰলৈ ওলাই
আহোঁতে তুমি যিদৰে কান্দিছিলা ; দৰমহাৰ
প্ৰথম টকাকেইটা তোমাৰ হাতত দিবৰ দিনাও
তুমি একেদৰেই হাঁহিছিলা ।

কিন্তু তাৰ পিছতো মই নিজকে সৌভাগ্যৱান
বুলি ভাবিছিলো আৰু বিৰাট ভাগ্যশালী ।
কাৰণ
মোৰ পিছফালে সদায় যে তুমি আছিলা ।
আচলতে কি জানা ?
আমিবোৰ পুতলা ।

কোনোবাই বনোৱা ,কানোবাই গঢ়োৱা আৰু
কোনোবাই সজোৱা ।

ভাগ্য মা ! ভাগ্য !

মা ! মইও অংগীকাৰ কৰিছিলোঁ , তোমাৰ মুখত
আঁকি দিম , হাঁহি সোবাতকৈ সুন্দৰ ৰেখা ।

তোমাৰ পছন্দকেই আদৰি আনিম মোৰ পছন্দ
বুলি ।

মই ভগৱান নামানো মা । কাৰণ তুমি থাকোতেই
মোক কোনো ভগৱানৰ প্ৰয়োজনেই নাই।

কিন্তু সময় ! মা ! সময় !

পৰিস্থিতি ,
আৰু হৃদয়ৰ তৰংগবোৰ ।
বৈ গৈ উভতি নহা ঢৌবোৰ ।

মইও প্ৰেমত পৰিলোঁ !

নপৰো বুলিও পৰি গ’লো ।
প্ৰেমত ।

তোমাৰ মনত আছেনে ?
উৰুকাৰ ৰাতিটো মই কেনেকৈ অভিশপ্ত
কৰি তুলিছিলো । তোমাৰ আৰু দেউতাৰ আগত
যে মই কৈছিলো মইও প্ৰেমৰ নৈত নাওঁ লৈ ওলাই
গৈছো । মই প্ৰেমত পৰিলোঁ বুলি ।

আৰু তুমি হাঁহিছিলা ; লগতে দেউতাইও ।
তুমি যে হাঁহি শুধিছিলা , “ ক’ৰ ছোৱালী ও’? ”
“ঘৰ?”
মই কৈছিলোঁ , “ অসমৰেই ,লখিমপুৰৰ ।মোৰ
লগত একেলগেই ইঞ্জীনিয়াৰিং পাছ কৰা ।”

তুমি তথাপিও কৈছিলা , “ একো নহয় দে’। তোৰ
পছন্দই আমাৰো পছন্দ ।

মাথো ছোৱালীজনী ভাল হ’লেই হ’ল আৰু
আমাৰ দৰেই ব্ৰাহ্মণ ।আমি জানো , তই আমাক
নিৰাশ নকৰ ।”

এতিয়া নামটো ক’ আকৌ !

তেতিয়া তুমি কল্পনা কৰিব নোৱাৰাকৈ মোৰ
বুকুখন বিষাইছিল ।যেন কোনোবাই
হাতুৰীৰেহে কোবাইছিল হৃদয়ৰ ৰঙা তৰাটিত ।

তথাপিও মই উত্তৰ দিছিলো ; “ফৰিদা ,
ফৰিদা চুলতানা ।”

সময়ে তেতিয়া বৰ জোৰেৰে হাঁহিছিল। কি এক
ক্ৰুৰ হাঁহি । সেই হাঁহিয়ে মোক এতিয়াও
খেদি ফুৰিছে , খেদিয়ে আছে ।
তুমি যে তেতিয়া মোক
প্ৰথমবাৰলৈ চৰিয়াইছিলা ।

আৰু দেউতাই ! দেউতাই কোঠালৈ গৈ কেৱল
কান্দিছিল ।
দেউতাৰ কান্দোন !

মই পাগল হৈ গৈছিলো জানা ।

তথাপিও তুমি বুজাইছিলা , মইও বুজিছিলোঁ ।
কিন্তু বাৰে বাৰে অবুজন হৈহে ।
মোৰ বাবে সময় ৰৈ থকা নাছিল ।

আচলতে মই উপায়হীন ।
এজন ব্যৰ্থ বাটৰুৱা ।
প্ৰেম আৰু জীৱনৰ সমাধিত ৰৈ থকা ।
এজন নিচাসক্ত স্বপ্নাতুৰ ।

ভুল কৰিছিলো । দুয়োজনেই । ফৰিদা আৰু মই ।
যৌৱনৰ ভুল ।

ফৰিদাৰ সন্তানৰ ……
মই বিশ্বাসঘাটক নহওঁ মা !

ফৰিদাক প্ৰতাৰণা কৰি সুখেৰে থকা ।

আৰু কাপুৰুষো নহওঁ !

তোমালোকক প্ৰতাৰণা কৰি জীয়াই থকা ।
মই পলায়নবাদী হ’লো !
জীৱনৰ মুখামুখি হ’ব নোৱাৰিলোঁ ।
সময়ক দবাখেলত হৰুৱাব নোৱাৰিলোঁ ।

আৰু ভাগ্য ।
ভাগ্যক মই বশ কৰিব নোৱাৰিলোঁ ।

আচলতে মই একোৱেই কৰিব নোৱাৰিলোঁ ।
একোৱেই ।

এয়া ৰে’লৰ উকি শুনিলোৱেই ।

ইয়াৰ লগত গাঁঠি দিয়া আনখন
চিঠি পাৰিলে ফৰিদাক দিবা ।
আৰু ফৰিদাৰ সন্তানক ……
তোমাৰ ওপৰত মোৰ এতিয়াও অগাধ বিশ্বাস
মা !

মা!

হয়তো তুমি চিঠিখন পোৱালৈকে মই
গৈ অসীমতহে থাকিমগৈ ।

দেউতাক পাৰিলে মোৰ সেৱাটি গ্ৰহণ কৰিব
দিবা ।অহা জনমটো যেন তোমাকেই
মা হিচাবে পাওঁ !

মা !

আশাকৰোঁ মোক ক্ষমা নকৰিবা মা ।

মৰমেৰে ,

তোমাৰ ‘সোণ’…..

Tuesday 11 February 2014

হৃদয়ৰ উমেৰে সেমেকা চিঠি

“হৃদয়ৰ উমেৰে সেমেকা চিঠি’’

মনৰ ভাষাবোৰৰ সৰে ,
চকুপানী হৈ ,
উকা পাতত বিয়পে চিয়াঁহী হৈ ;
ভাবনাৰ সাগৰ খান্দি
আহিবাচোন কেতিয়াবা
চিঠি এখন লৈ ।

তেজেৰে তিতা চিঠিখন
ডাকোৱালে দিয়ে ,
সময় আৰু প্ৰতিশ্ৰুতিবোৰ
তাতেই থাকে ।
অন্তিম স্ৰোত হৈ বিয়পে
তোমাৰ শিৰতেই ।

উন্মাদ দেহে নামানে
কবিতাৰ ভাষা
উত্তপ্ত হৈ পৰা নাম হৈ
চিঠিখন বেনামী ৰূপে বিয়পে
সমাজৰ শিখৰে শিখৰে ।

শুকুলা সাজ দলিয়াই
দাপোন ভাঙে আৰু উপায়হীন চিঠিখনে
মাথো আখৰবোৰ সলনি কৰে ,
অনুভূতিললৈ ,
চিন্তালৈ ,
সুখলৈ ,
আৱেগলৈ ,
প্ৰজন্মলৈ ,
সংঘাতৰ আৱৰ্জনালৈ ,
অনাথালয়ৰ সুখলৈ ।

“তোমাৰ নাম লিখিমেই , বেয়া পালেও উপায়  নাই ;’’

“তোমাৰ নাম লিখিমেই , বেয়া পালেও উপায়       নাই ;’’

থাকিও নথকা , তোমাৰ লগত খেলা
নিশাৰ সপোনবোৰ চকুসদৃশ নীলা ;
তোমাৰ নাম তুমিয়েই জানা ।
অতৃপ্ত মই ;
দূৰত্ব নথকা ।

শইচ সিচাঁৰ সদা স্বপ্ন ,
থাকক চিৰদিন , চ’তৰ শেষৰ
দিনবোৰৰ দৰেই ।
গছবোৰৰ দৰেই ।
গছবোৰৰ নগ্ন দেহবোৰৰ ভাঁজেৰে ।

নিলাজ , তোমাৰ দুৰন্ত প্ৰেমিক ,
আজি শিকলিবিহীন ঘোঁৰা ,
ওচৰৰ লক্ষ্য , আজি সহস্ৰ যোজন দূৰৈত ।

সেই দিনৰ বৰষুণত
কেইটিমান পলকৰ বাবেও তিতাৰ বাবেই
তোমাৰ এই মাতাল ,
অশ্লীল , হৃদয়হীন
প্ৰেমিক আৰু তাৰ
টুকুৰাবোৰ ।

পুনশ্চ:  নিশাৰ সপোন বাৰুকৈয়ে নীলা  ৷

Monday 27 January 2014

চিন্তা- প্ৰবাহ (২)

স্নেপশ্বট (.১.) : 
কলেজৰ পৰা ৰুমলৈ আহি আছো । ৰাস্তাটো পাৰ হ’ব নোৱাৰা বাবে দীঘলীপুখুৰীৰ পাৰতে ৰৈ আছিলো । তেনেতে এটা সৰু ল’ৰা আগবাঢ়ি আহিল আৰু মোৰ আগত তাৰ হাতত থকা বাতিটো আগবঢ়াই দিলে । ল’ৰাটোৰ চেহেৰা-পোছাক চাই বেয়া লাগিল আৰু তাৰ বাতিটোত টকা দুটা দি দিলো । সি দৌৰি গুচি গ’ল । মইও আহিব ওলাইছিলোৱে , তেনেতে মোৰ পুনৰ ল’ৰাটোৰ প্ৰতি চকু গ’ল ।এইবাৰ তাক দেখিলো দোকান এখনৰ আগত । ভাবিলো , “নিশ্চয় কিবা খোৱা-বস্তু আনিব গৈছে । ” পিছমূহুৰ্ততে তাক দোকানখনৰ পৰা ওলাই অহা দেখিলো । পিছে তাৰ হাতত মই ভবাৰ দৰে বিস্কুট বা চকলেট নাছিল ; তাৰ হাতত আছিল বিষাক্ত ‘ DENDRITE ’ ৰ পেকেট এটা । মোৰ চকুৰ আগতে সি ‘ DENDRITE ’ খিনি হাতত ল’লে , এবাৰ শুঙিলে আৰু খাই পেলালে । কেইটামান মূহুৰ্তৰ ভিতৰতে এই ভয়াবহ কামতো সংঘটিত কৰি সি সেইখিনি ঠাইৰ পৰা দৌৰ দিলে । 
আমাৰ বাৰু এইখিনি ল’ৰা-ছোৱালীৰ প্ৰতি অকণমানো দায়িত্ব নাইনে ??????????????? 

স্নেপশ্বট (.২.) :
 সময় দুপৰীয়া ১ মান বাজিছে । পানবজাৰলৈ ওলাই গৈছিলো কিতাপ কিনিবৰ বাবে । দুপৰীয়াৰ গুৱাহাটীৰ ৰাস্তা । ভীষণ ব্যস্ত । তেনেতে দেখিলো বয়সিয়াল মানুহ এজনে হাতত পেং লৈ ZEBRA CROSSING ত ৰখি আছে । কিন্ত এখনো গাড়ীয়ে মানুহজনলৈ লক্ষ্য কৰি গতিবেগ কমোৱা নাই ; গাড়ী ৰখোৱাটো দূৰৈৰে কথা । গুৱাহাটীৰ ৰাজপথত দামী গাড়ী চলোৱাটো ডাঙৰ কথা নহয়; ZEBRA CROSSING বা TRAFIC SIGNAL মানি গাড়ী চলোৱাটোহে ডাঙৰ কথা । • মানুহজনক ৰাস্তাটো পাৰ হৈ যোৱাত সহায় কৰি দি এক অনন্য অনুভূতিৰ অংশীদাৰ হ’লো ।

 স্নেপশ্বট (.৩.) : 
চন্দনা গোস্বামীৰ ‘পাটকাইৰ ইপাৰে মোৰ দেশ ’ গ্ৰন্থখন পঢ়িলো । লেখিকাই যে কিতাপখনৰ বাবে যথেষ্ঠ কষ্ট কৰিছে তাৰ প্ৰমাণ কিতাপখনৰ প্ৰতিটো পৃষ্ঠাতে পোৱা যায় । ১৩,১৪ শতিকাৰ এইছোৱা বুৰঞ্জী লেখিকাই যথেষ্ঠ কষ্টেৰে উপন্যাস আকাৰে লিপিবদ্ধ কৰিছে । কিতাপখনক লৈ যিমানে সমালোচনা নহওঁক , তথাপিও মই এইটো কথা বাৰে বাৰে কম যে কিতাপখন পঢ়ি ‘ শিকিলো , জানিলো , বুজিলো ’ । • কিতাপখনৰ আৰম্ভণিতে লেখিকাই কিতাপখনক এখন উপন্যাস বুলি কৈছে । কিতাপখনৰ মাজত ভুলৰ সন্ধান কৰা , কাহিনীক বিকৃত কৰা বুলি অভিযোগ তোলা সমালোচকসকলে কথাতো মন কৰা উচিত । কাৰণ কাহিনীক ৰসাল আৰু মনোগ্ৰাহী কৰাৰ স্বাৰ্থত কেতিয়াবা কেতিয়াবা কিছুমান চৰিত্ৰ বা কাহিনী সজাই-পৰাই একো-একোখন উপন্যাসত অন্তৰ্ভূক্ত কৰা হয় ; কোনো বুৰঞ্জীমূলক উপন্যাসেই ইয়াৰ ব্যতিক্ৰম নহয় ।

স্নেপশ্বট (৪) – 
ভাড়া ঘৰৰ পানীৰ টেংকীটো বেয়া হৈ আছিল বহু দিনৰ পৰা । অৱশেষত মালিকে টেংকিটো ভাল কৰিবলৈ মানুহ এজন মাতিলে । পানীৰ টেংকীটো ভাল কৰি থাকোতে তেওঁ মোৰ চকুৱে চকুৱে পৰিলে , মানুহজনৰ ওচৰলৈ গ’লো আৰু চিনাকি হ’লো । তেওঁৰ নাম খাইৰুল । ঘৰ গোৱালপাৰাৰ কোনো এখন গাওঁত । গুৱাহাটীলৈ ৭-৮ বছৰ আগেয়ে উঠি আগেয়ে উঠি আহিছে আৰু কাৰিকৰৰ কাম কৰি কোনোমতে পেট প্ৰৱৰ্ত্তন কৰি আছে । কথাৰ মাজতে মানুহজনৰ ঘৰ-সংসাৰৰ কথা ওলাল । মানুহজনৰ পৰিয়াল তিনিজনীয়া ; পত্নী আৰু ল’ৰাৰ সৈতে । ল’ৰাটোক নাম লগাই দিছে গুৱাহাটীৰে জাতীয় বিদ্যালয় এখনত । খাইৰুলে কৈ গ’ল ; “ ভাইটি ; কেতিয়াবা দূখ লাগে বুজিছা ! ভালদৰে পঢ়া- শুনা কৰিব পাৰিলে হয়তো এনে অৱস্থা নহ’লহেঁতেন । নিজেতো ভাষাটো ভালদৰে লিখিব নিশিকিলোৱে ! কিন্তু ল’ৰাটোক জাতীয় বিদ্যালয়ত দিছো । আমাৰ ল’ৰা ইংৰাজী মাধ্যমত পঢ়ি চাহাব হ’ব নালাগে , সি অসমীয়া মাধ্যমতে পঢ়ক ; কিন্তু সি যাতে অসমীয়া ভাষা আৰু সংস্কাৰ ভালদৰে শিকে । তাৰ বাবে লাগিলে মই ভিক্ষায়ে কৰিব নালাগক কিয় ! ভাবিলো, “ খাইৰুলহতঁৰ দৰে মানুহ থকালৈকে অসমীয়া , অসমীয়া ভাষা আৰু অসম নমৰে । অসমীয়াৰ অসম , অসম হৈয়ে ৰৈ যাব যুগ যুগান্তৰলৈ । ” 
( ঘটনাটো সম্পূৰ্ণ সত্য । মাথো চৰিত্ৰ আৰু ঠাইৰ নাম সলনি কৰা হৈছে । )