Wednesday, 30 July 2014

বস্তুবাদ

বস্তুবাদ

বগলীটো উৰাৰ সময়তে কাৰোবাৰ অতীত
প্ৰকাশিত হয় বাতৰিকাকতৰ দস্তাবেজত ।
শিয়ালৰ জয়াল আৰাৱৰ দৰেই হৈ পৰে বাঁহীৰ
সুৰবোৰ । নিজানতা আৰু অতৃপ্ততাত
ঠায়ে ঠায়ে মৃত্যু ঘটে কাৰোবাৰ শৈশৱৰ ।

একেদৰেই ক্ষয় হয় আমাৰ দৰে মধ্যবৃত্তৰ
সপোনবোৰ । যোগাযোগৰ অভাৱত মৃত্যু
ঘটে পৰিচয় , প্ৰেম আৰু সফলতাৰ ।
আকৌ আৰম্ভ হয় এখন নতুন খেল ।
একেকেইজনেই খেলুৱৈ … কিন্তু বেলেগ
দৰ্শক !

আচৰিত ।

নিজান দুপৰীয়াৰ কবিতাবোৰৰ দৰেই
তেজবোৰো গোট মাৰে । বাঁহৰ চুঙাত
লৈ তাৰেই
সিঁহতে মহাভোঁজ পাতে ।

অভ্যাগতৰ টকাৰ খেল
আৰু মিঠা আঘাতৰ জনজননি ।
একেইটো সকলো ।
মই , আমি , আপোনালোক !

বাকী নতুন অধ্যায়বোৰ একেদৰেই ৰচিত হ’ব
।

হয়তো কোনো নতুন উত্তৰপুৰুষৰ হাতত ।

আমি মাথো ৰৈ থাকিম ।

বুকুত জীৱনৰ কিতাপ সাৱটি !!!

Saturday, 28 June 2014

আৰু কিমান দূৰ ?

যোৱানিশা ফুটবল বিশ্বকাপৰ খেল এখন চাই
আছিলো । খেলখন আছিল হণ্ডুৰাছ আৰু
ইকুৱেডৰৰ মাজত ।
খেলখন আৰম্ভ হোৱাৰ
আগতে দুয়োখন দেশৰেই জাতীয় সংগীত পৰিৱেশন
কৰা হৈছিল । হণ্ডুৰাছৰ খেলৱৈসকলক
দেখিছিলো , যথেষ্ট মন-প্ৰাণ ঢালি , দুচকু
মুদি গীতটি গায় আছিল । একেসময়তে তেওঁলোকৰ
দেশৰ নাগৰিক সকলেও দৰ্শকৰ আসনৰ পৰা থিয়
দিছিল আৰু জাতীয় সংগীতটি গাইছিল ।
কি যে এক ভাল লগা দৃশ্য !
একসময়তে মোৰ যথেষ্ট বেয়াও লাগিছিল । ৩২
খন দেশৰ জাতীয় সংগীত পৰিৱেশিত হ’ল । কিন্তু
ইয়াৰ মাজত নাই আমাৰ ভাৰতবৰ্ষ । অতিশয়
অনগ্ৰসৰ , মাত্ৰ কেইলাখমান
জনসংখ্যা থকা দেশেও আজিৰ তাৰিখত
পৃথিৱী কঁপাই আছে , একমাত্ৰ ফুটবলৰ জৰিয়তে ।
কিন্তু আমি , শতাধিক কৌটিৰ দেশ এখন হৈও
সমৰ্থন কৰিবলগীয়া হৈছে ব্ৰাজিল , জাৰ্মানীৰ
দৰে আনৰ দেশক । উপায়হীন আমি !
একেদৰে কালি CNN ত
দেখিলো কিদৰে ক’ষ্টাৰিকাৰ জনতাই ৰাজপথত
উল্লাসেৰে আনন্দোৎসৱ পালন কৰিছে ।
ৰাজপথত মাথো ক’ষ্টাৰিকাৰ পতাকা ।
কোনদিনা যে আমিও একেদৰেই উল্লাস কৰিব
পাৰিম !
ভাৰতবৰ্ষৰ ৰাজপথ ভৰি পৰিব গেৰুৱা , শুকুলা আৰু
শ্যামল ৰঙেৰে !
কোনদিনা একেদৰেই বাজি উঠিব আমাৰ ‘জন গন
মন’ বিশ্বকাপ ফুটবলৰ ষ্টেডিয়ামত !
আশাকৰো সেই সুদিন সোনকালেই আহক ।

Thursday, 12 June 2014

খেল আৰু পৃথিৱী...

এখন কেৰমবোৰ্ড !
খেলুৱৈ দুজন । এফালে এটা মেকুৰী আৰু আনফালে এজন উকীল ।

উকীলৰ হাতত এডাল ‍‍‍‍‍ঝাড়ু আৰু মেকুৰীটোৰ মুখত এখন 'ঈশ্বৰৰ ফটো' ।

লাহে লাহে খেল আৰম্ভ হয় ।

খেলৰ লগে লগে দূৰৈত ভিক্ষাৰীজনে চিঞঁৰে ‌Fortune Fortune বুলি ।
একেসময়তে কাৰোবাৰ গানত গঁড়বোৰে চকুপানী টোকে ।
সেউজীয়া বৰষুণ আৰু লেখকৰ শৱযাত্ৰা মিহলি হৈ একেলগে বজাই চনেটৰ মূৰ্চ্ছনা ।

খেল শেষ নহয় , চলিয়েই থাকে ।

ক্ৰমে ক্ৰমে কেৰমৰ গুটিবোৰ মেকুৰীটোৰ পেটলৈ গমন কৰে ।
লাহে লাহে 'আন্তজাল'ৰ সংযোগ বিচ্ছিন্ন হয় ।
উকীলজনে খেলখন পুনৰ আৰম্ভ কৰে ।

আপুনি খেলিবনে খেলখন ?
খেলিবনে ?

ফুটবল , ব্ৰাজিল আৰু মই

ফুটবল , ব্ৰাজিল আৰু মই …
ধ্যানছাঁদ , তেণ্ডুলকাৰ আৰু আনন্দৰ দেশত ওপজিলেও জনা-বুজা হোৱাৰ পৰা ফুটবলৰ প্ৰতিহে মোৰ অদম্য আকৰ্ষণ । ইউৰোপীয়ান লীগকে ধৰি বিভিন্ন খেলবোৰ মাজনিশা যেতিয়াই তেতিয়াই চাও । বিশ্বকাপ বুলিলেতো কথাই নাই । সৰুৰে পৰা দেউতাৰ মুখত শুনিছো পেলেৰ কথা ; লগতে শুনিছো এলবাৰ্টো টৰেছ , ৰিভেলিনো , জিকো , ৰোমাৰিও , কাকুৰ কথা । প্ৰেমত পৰিছো ব্ৰাজিলৰ , ব্ৰাজিলৰ ফুটবল আৰু ছাম্বা নৃত্যৰ ।
১৯৯৮ চনৰ বিশ্বকাপৰ  কথা মনত নাই , কিন্তু শুনিছো কিদৰে ৰোণাল্ডোৰ হাতৰ পৰা জিদানে সোণালী কাপতো কাঢ়ি লৈ গৈছিল । ২০০২ ৰ বিশ্বকাপৰ কথা অলপ হ’লেও মনত আছে । মনত আছে কিদৰে চেনেগাল , তুৰ্কীয়ে ঘটাইছিল অঘটন । ৰোণাল্ডো আৰু ৰোণাল্ডিনহোৰ দুভৰিৰ যাদুৰ কথা মুখে মুখে বাগৰিছিল আৰু বিচৰা ধৰণেই ব্ৰাজিল হৈছিল বিজয়ী ।
২০০৬ ৰ বিশ্বকাপ ভালকৈ উপভোগ কৰিছিলো । আশা কৰিছিলো জাৰ্মানীত বাজিব ছাম্বাৰ লহৰ । কিন্তু ভবামতে নহৈ ফ্ৰান্সৰ হাতত ব্ৰাজিল পৰাজিত হৈছিল । জিদানৰ সম্মুখত পুনৰবাৰ নিসহায় হৈ ৰৈছিল ৰোনাল্ডো । অৱশ্যে ঘানাৰ বিৰুদ্ধে গোল কৰি ৰোনাল্ডোই বিশ্বকাপৰ  সৰ্বাধিক গোল কৰাৰ ইতিহাস ৰচনা কৰিছিল ।
২০১০ ৰ বিশ্বকাপটো ব্ৰাজিলে নিৰাশ কৰিছিল মোৰ দৰে অজস্ৰ অনুৰাগীক ।
২০১৪ ! এইবাৰ ব্ৰাজিল আয়োজক ।
নেইমাৰ , ছিজাৰ , ছিলভা , হালকৰ ওপৰত আমাৰ সহস্ৰ আশা ।
পাৰিবনে নেইমাৰে ক্ল’জ , মেছি , বালুটনি , ৰোনাল্ডক , ইনিয়েষ্টাক পৰাভূত কৰিব ?
পাৰিবনে ব্ৰাজিলে বাফনৰ হাতৰ ফাকেঁৰে গোল কৰিব ?
পাৰিবনে জেৰাৰ্ডৰ ৰণকৌশল ভেদ কৰিব ?
উত্তৰ পাবলৈ আৰু কেইটামান ঘণ্টা বাকী । ১২ জুলাই বা তাৰ আগতেই আমি পায় যাম সকলো প্ৰশ্নৰ উত্তৰ । আহক একেলগে উপভোগ  কৰো ২১ শতিকাৰ এইখন ৰক্তপাতবিহীন মহাযুদ্ধ !
^ সৌৰভ দত্ত

  ১২/০৬/২০১৪

Wednesday, 2 April 2014

মোৰ ছাঁ

We are different .
তুমিয়েইটো কৈছিলা ।
মই কওঁ আমি বেলেগ নহয় ।

মইও সেই একেটাই স্বপ্নাতুৰ ।

মাথো দুটি বেলেগ
কক্ষপথেৰে ঘূৰি থকা দুটি অনুজ্জ্বল নক্ষত্ৰ।

সপোনমিহলি কথাবোৰ পাহৰিলাই কিজানি !
বকুলৰ তলত একেলগে বহাৰ সেই কল্পনাবোৰ !

আৰু হৃদয়ৰ ষ্টপেজটিত ৰৈ থকাৰ আশাবোৰ ,
কোনোবা অচিন চিনাকিৰ আগমণলৈ বুলি ।
হয়তো শেষ বিন্দুটিতো দেখি যাবা মোৰেই
ছাঁ !

আশাকৰো ভুল নুবুজিবা ।

Sunday, 9 March 2014

মৃত্যুকামনা, সেন্দুৰ আৰু এটি পদ্য

মৃত্যুকামনা, সেন্দুৰ আৰু এটি পদ্য

••••••••••
তোমাৰ নৃত্যৰ মৃত্যুকামনা
আৰু তোমাৰ গানৰ ,
দুয়োটাই সঁচা
আৰু তোমাৰ
হৃদয়ৰ টিউলিপ জোপাৰ ৷
কান্দিবাচোন কেতিয়াবা ,
শৃংখলবোৰ ভাঙিব'লে !

••••••••••••
সেন্দুৰ উৰে,
বতাহত উৰে
আৰু
হাঁহিটো উৰে ৷
একেখিনি সেন্দুৰ পুনৰ উৰে
উৰি তোমাৰ সেঁওতাত পৰে
নীলা সেন্দুৰো উৰি আহে ৷

••••••••••••
চকু ফটা ছোৱালীজনীৰ
কিমান যে কথা ....
তাইতো নেদেখা চকু নফটা পৃথিৱীৰ ছায়া
তাই ভিক্ষাও খোজে
খুচুৰাৰ শব্দত
টোপনি ভাঙে ৷

( আন্তৰ্জাতিক নাৰী দিৱস
উপলক্ষে প্ৰতিগৰাকী নাৰীৰ হাতত)

Thursday, 27 February 2014

শেষপত্ৰ ( গল্প)

শেষপত্ৰ …..

মৰমৰ মা ,

মই যে আজি কল্পনাৰো সিপাৰত ।
নভবা বাস্তৱে আজি কান্দি আছে মোৰ হৃদয়ৰ
শিলটুকুৰাত !

তুমিও !
তুমিওটো এক নভবা ঘটনাৰ নীৰৱ দৰ্শক আৰু
সসীমলৈ ধাৱিত নাৰী !

হয়তো ভাবিবা !
দোষ কাৰ ?
মোৰ ? তোমাৰ ?দেউতাৰ ? আমাৰ পৰিয়ালৰ ?
সমাজৰ ?

মা ! দোষ কাৰো নহয় । দোষ সময়ৰ ।

নভবাকৈয়ে হয়তো সময় হৈ উঠিল এজন পাকৈত
খেলুৱৈ ।

তুমিতো জানাই । মই দবা খেলি ভাল
পাইছিলো ।সহজ আছিল বিপক্ষক
ধৰাশায়ী কৰাতো , মোৰ বাবে ।
ভাবিছিলো !

ভাবিছিলো , সময়কো ধৰাশায়ী কৰি দিম ;
সহজেই ।
কিন্তু , সময় যে ইমান পাকৈত
খেলুৱৈ মইতো উমানেই নাপালোঁ ।

মই হাৰি গ’লো মা ; মই হাৰি গ’লো ।
এইটো জীৱনত মই প্ৰথমবাৰৰ
বাবে হাৰি গ’লো । সময়ক জিকিব দি মই
হাৰি গ’লো ।

মা!

আজি মোৰ দূৰ অতীতলৈ মনত পৰিছে । মোৰ
মনত আছে মা তুমি মোক বহু ডাঙৰলৈ কোলাত
লৈ ফুৰিছিলা । সমনীয়াৰ লগত
কাজিয়া কৰোঁতে যে মোক
স্কেলেৰে কোবাইছিলা । আৰু ! আৰু জ্বৰ
হ’লেযে মোক খুৱাই দিছিলা ।

মই জিকিলে তুমিয়ে হাঁহিছিলা আৰু হাৰিলেও
তুমিয়ে কান্দিছিলা । মনত আছেনে তোমাৰ সেই
দিনটি ; মেট্ৰিকৰ যে ফলাফল দিছিল ! ফলাফল
আশানুৰূপ নহওঁতে মোৰ লগত যে তুমিও
কান্দিছিলা ।

ঘৰৰ পৰা প্ৰথমবাৰলৈ ওলাই
আহোঁতে তুমি যিদৰে কান্দিছিলা ; দৰমহাৰ
প্ৰথম টকাকেইটা তোমাৰ হাতত দিবৰ দিনাও
তুমি একেদৰেই হাঁহিছিলা ।

কিন্তু তাৰ পিছতো মই নিজকে সৌভাগ্যৱান
বুলি ভাবিছিলো আৰু বিৰাট ভাগ্যশালী ।
কাৰণ
মোৰ পিছফালে সদায় যে তুমি আছিলা ।
আচলতে কি জানা ?
আমিবোৰ পুতলা ।

কোনোবাই বনোৱা ,কানোবাই গঢ়োৱা আৰু
কোনোবাই সজোৱা ।

ভাগ্য মা ! ভাগ্য !

মা ! মইও অংগীকাৰ কৰিছিলোঁ , তোমাৰ মুখত
আঁকি দিম , হাঁহি সোবাতকৈ সুন্দৰ ৰেখা ।

তোমাৰ পছন্দকেই আদৰি আনিম মোৰ পছন্দ
বুলি ।

মই ভগৱান নামানো মা । কাৰণ তুমি থাকোতেই
মোক কোনো ভগৱানৰ প্ৰয়োজনেই নাই।

কিন্তু সময় ! মা ! সময় !

পৰিস্থিতি ,
আৰু হৃদয়ৰ তৰংগবোৰ ।
বৈ গৈ উভতি নহা ঢৌবোৰ ।

মইও প্ৰেমত পৰিলোঁ !

নপৰো বুলিও পৰি গ’লো ।
প্ৰেমত ।

তোমাৰ মনত আছেনে ?
উৰুকাৰ ৰাতিটো মই কেনেকৈ অভিশপ্ত
কৰি তুলিছিলো । তোমাৰ আৰু দেউতাৰ আগত
যে মই কৈছিলো মইও প্ৰেমৰ নৈত নাওঁ লৈ ওলাই
গৈছো । মই প্ৰেমত পৰিলোঁ বুলি ।

আৰু তুমি হাঁহিছিলা ; লগতে দেউতাইও ।
তুমি যে হাঁহি শুধিছিলা , “ ক’ৰ ছোৱালী ও’? ”
“ঘৰ?”
মই কৈছিলোঁ , “ অসমৰেই ,লখিমপুৰৰ ।মোৰ
লগত একেলগেই ইঞ্জীনিয়াৰিং পাছ কৰা ।”

তুমি তথাপিও কৈছিলা , “ একো নহয় দে’। তোৰ
পছন্দই আমাৰো পছন্দ ।

মাথো ছোৱালীজনী ভাল হ’লেই হ’ল আৰু
আমাৰ দৰেই ব্ৰাহ্মণ ।আমি জানো , তই আমাক
নিৰাশ নকৰ ।”

এতিয়া নামটো ক’ আকৌ !

তেতিয়া তুমি কল্পনা কৰিব নোৱাৰাকৈ মোৰ
বুকুখন বিষাইছিল ।যেন কোনোবাই
হাতুৰীৰেহে কোবাইছিল হৃদয়ৰ ৰঙা তৰাটিত ।

তথাপিও মই উত্তৰ দিছিলো ; “ফৰিদা ,
ফৰিদা চুলতানা ।”

সময়ে তেতিয়া বৰ জোৰেৰে হাঁহিছিল। কি এক
ক্ৰুৰ হাঁহি । সেই হাঁহিয়ে মোক এতিয়াও
খেদি ফুৰিছে , খেদিয়ে আছে ।
তুমি যে তেতিয়া মোক
প্ৰথমবাৰলৈ চৰিয়াইছিলা ।

আৰু দেউতাই ! দেউতাই কোঠালৈ গৈ কেৱল
কান্দিছিল ।
দেউতাৰ কান্দোন !

মই পাগল হৈ গৈছিলো জানা ।

তথাপিও তুমি বুজাইছিলা , মইও বুজিছিলোঁ ।
কিন্তু বাৰে বাৰে অবুজন হৈহে ।
মোৰ বাবে সময় ৰৈ থকা নাছিল ।

আচলতে মই উপায়হীন ।
এজন ব্যৰ্থ বাটৰুৱা ।
প্ৰেম আৰু জীৱনৰ সমাধিত ৰৈ থকা ।
এজন নিচাসক্ত স্বপ্নাতুৰ ।

ভুল কৰিছিলো । দুয়োজনেই । ফৰিদা আৰু মই ।
যৌৱনৰ ভুল ।

ফৰিদাৰ সন্তানৰ ……
মই বিশ্বাসঘাটক নহওঁ মা !

ফৰিদাক প্ৰতাৰণা কৰি সুখেৰে থকা ।

আৰু কাপুৰুষো নহওঁ !

তোমালোকক প্ৰতাৰণা কৰি জীয়াই থকা ।
মই পলায়নবাদী হ’লো !
জীৱনৰ মুখামুখি হ’ব নোৱাৰিলোঁ ।
সময়ক দবাখেলত হৰুৱাব নোৱাৰিলোঁ ।

আৰু ভাগ্য ।
ভাগ্যক মই বশ কৰিব নোৱাৰিলোঁ ।

আচলতে মই একোৱেই কৰিব নোৱাৰিলোঁ ।
একোৱেই ।

এয়া ৰে’লৰ উকি শুনিলোৱেই ।

ইয়াৰ লগত গাঁঠি দিয়া আনখন
চিঠি পাৰিলে ফৰিদাক দিবা ।
আৰু ফৰিদাৰ সন্তানক ……
তোমাৰ ওপৰত মোৰ এতিয়াও অগাধ বিশ্বাস
মা !

মা!

হয়তো তুমি চিঠিখন পোৱালৈকে মই
গৈ অসীমতহে থাকিমগৈ ।

দেউতাক পাৰিলে মোৰ সেৱাটি গ্ৰহণ কৰিব
দিবা ।অহা জনমটো যেন তোমাকেই
মা হিচাবে পাওঁ !

মা !

আশাকৰোঁ মোক ক্ষমা নকৰিবা মা ।

মৰমেৰে ,

তোমাৰ ‘সোণ’…..