Saturday 28 June 2014

আৰু কিমান দূৰ ?

যোৱানিশা ফুটবল বিশ্বকাপৰ খেল এখন চাই
আছিলো । খেলখন আছিল হণ্ডুৰাছ আৰু
ইকুৱেডৰৰ মাজত ।
খেলখন আৰম্ভ হোৱাৰ
আগতে দুয়োখন দেশৰেই জাতীয় সংগীত পৰিৱেশন
কৰা হৈছিল । হণ্ডুৰাছৰ খেলৱৈসকলক
দেখিছিলো , যথেষ্ট মন-প্ৰাণ ঢালি , দুচকু
মুদি গীতটি গায় আছিল । একেসময়তে তেওঁলোকৰ
দেশৰ নাগৰিক সকলেও দৰ্শকৰ আসনৰ পৰা থিয়
দিছিল আৰু জাতীয় সংগীতটি গাইছিল ।
কি যে এক ভাল লগা দৃশ্য !
একসময়তে মোৰ যথেষ্ট বেয়াও লাগিছিল । ৩২
খন দেশৰ জাতীয় সংগীত পৰিৱেশিত হ’ল । কিন্তু
ইয়াৰ মাজত নাই আমাৰ ভাৰতবৰ্ষ । অতিশয়
অনগ্ৰসৰ , মাত্ৰ কেইলাখমান
জনসংখ্যা থকা দেশেও আজিৰ তাৰিখত
পৃথিৱী কঁপাই আছে , একমাত্ৰ ফুটবলৰ জৰিয়তে ।
কিন্তু আমি , শতাধিক কৌটিৰ দেশ এখন হৈও
সমৰ্থন কৰিবলগীয়া হৈছে ব্ৰাজিল , জাৰ্মানীৰ
দৰে আনৰ দেশক । উপায়হীন আমি !
একেদৰে কালি CNN ত
দেখিলো কিদৰে ক’ষ্টাৰিকাৰ জনতাই ৰাজপথত
উল্লাসেৰে আনন্দোৎসৱ পালন কৰিছে ।
ৰাজপথত মাথো ক’ষ্টাৰিকাৰ পতাকা ।
কোনদিনা যে আমিও একেদৰেই উল্লাস কৰিব
পাৰিম !
ভাৰতবৰ্ষৰ ৰাজপথ ভৰি পৰিব গেৰুৱা , শুকুলা আৰু
শ্যামল ৰঙেৰে !
কোনদিনা একেদৰেই বাজি উঠিব আমাৰ ‘জন গন
মন’ বিশ্বকাপ ফুটবলৰ ষ্টেডিয়ামত !
আশাকৰো সেই সুদিন সোনকালেই আহক ।

Thursday 12 June 2014

খেল আৰু পৃথিৱী...

এখন কেৰমবোৰ্ড !
খেলুৱৈ দুজন এফালে এটা মেকুৰী আৰু আনফালে এজন উকীল

উকীলৰ হাতত এডাল ‍‍‍‍‍ঝাড়ু আৰু মেকুৰীটোৰ মুখত এখন 'ঈশ্বৰৰ ফটো'

লাহে লাহে খেল আৰম্ভ হয়

খেলৰ লগে লগে দূৰৈত ভিক্ষাৰীজনে চিঞঁৰে ‌Fortune Fortune বুলি
একেসময়তে কাৰোবাৰ গানত গঁড়বোৰে চকুপানী টোকে
সেউজীয়া বৰষুণ আৰু লেখকৰ শৱযাত্ৰা মিহলি হৈ একেলগে বজাই চনেটৰ মূৰ্চ্ছনা

খেল শেষ নহয় , চলিয়েই থাকে

ক্ৰমে ক্ৰমে কেৰমৰ গুটিবোৰ মেকুৰীটোৰ পেটলৈ গমন কৰে
লাহে লাহে 'আন্তজাল' সংযোগ বিচ্ছিন্ন হয়
উকীলজনে খেলখন পুনৰ আৰম্ভ কৰে

আপুনি খেলিবনে খেলখন ?
খেলিবনে ?

ফুটবল , ব্ৰাজিল আৰু মই

ফুটবল , ব্ৰাজিল আৰু মই
ধ্যানছাঁদ , তেণ্ডুলকাৰ আৰু আনন্দৰ দেশত ওপজিলেও জনা-বুজা হোৱাৰ পৰা ফুটবলৰ প্ৰতিহে মোৰ অদম্য আকৰ্ষণ ইউৰোপীয়ান লীগকে ধৰি বিভিন্ন খেলবোৰ মাজনিশা যেতিয়াই তেতিয়াই চাও বিশ্বকাপ বুলিলেতো কথাই নাই সৰুৰে পৰা দেউতাৰ মুখত শুনিছো পেলেৰ কথা ; লগতে শুনিছো এলবাৰ্টো টৰেছ , ৰিভেলিনো , জিকো , ৰোমাৰিও , কাকুৰ কথা প্ৰেমত পৰিছো ব্ৰাজিলৰ , ব্ৰাজিলৰ ফুটবল আৰু ছাম্বা নৃত্যৰ
১৯৯৮ চনৰ বিশ্বকাপৰ  কথা মনত নাই , কিন্তু শুনিছো কিদৰে ৰোণাল্ডোৰ হাতৰ পৰা জিদানে সোণালী কাপতো কাঢ়ি লৈ গৈছিল ২০০২ বিশ্বকাপৰ কথা অলপ লেও মনত আছে মনত আছে কিদৰে চেনেগাল , তুৰ্কীয়ে ঘটাইছিল অঘটন ৰোণাল্ডো আৰু ৰোণাল্ডিনহোৰ দুভৰিৰ যাদুৰ কথা মুখে মুখে বাগৰিছিল আৰু বিচৰা ধৰণেই ব্ৰাজিল হৈছিল বিজয়ী
২০০৬ বিশ্বকাপ ভালকৈ উপভোগ কৰিছিলো আশা কৰিছিলো জাৰ্মানীত বাজিব ছাম্বাৰ লহৰ কিন্তু ভবামতে নহৈ ফ্ৰান্সৰ হাতত ব্ৰাজিল পৰাজিত হৈছিল জিদানৰ সম্মুখত পুনৰবাৰ নিসহায় হৈ ৰৈছিল ৰোনাল্ডো অৱশ্যে ঘানাৰ বিৰুদ্ধে গোল কৰি ৰোনাল্ডোই বিশ্বকাপৰ  সৰ্বাধিক গোল কৰাৰ ইতিহাস ৰচনা কৰিছিল
২০১০ বিশ্বকাপটো ব্ৰাজিলে নিৰাশ কৰিছিল মোৰ দৰে অজস্ৰ অনুৰাগীক
২০১৪ ! এইবাৰ ব্ৰাজিল আয়োজক
নেইমাৰ , ছিজাৰ , ছিলভা , হালকৰ ওপৰত আমাৰ সহস্ৰ আশা
পাৰিবনে নেইমাৰে ক্ল , মেছি , বালুটনি , ৰোনাল্ডক , ইনিয়েষ্টাক পৰাভূত কৰিব ?
পাৰিবনে ব্ৰাজিলে বাফনৰ হাতৰ ফাকেঁৰে গোল কৰিব ?
পাৰিবনে জেৰাৰ্ডৰ ৰণকৌশল ভেদ কৰিব ?
উত্তৰ পাবলৈ আৰু কেইটামান ঘণ্টা বাকী ১২ জুলাই বা তাৰ আগতেই আমি পায় যাম সকলো প্ৰশ্নৰ উত্তৰ আহক একেলগে উপভোগ  কৰো ২১ শতিকাৰ এইখন ৰক্তপাতবিহীন মহাযুদ্ধ !
^ সৌৰভ দত্ত

  ১২/০৬/২০১৪