উৰণীয়া হাঁহি
হাঁহিবোৰ উৰে
কাৰোবাক হঁহুৱাবলে ,
হাঁহিবোৰ উৰে
কাৰোবাক কন্দুৱাবলে ৷
হাঁহিবোৰ আকৌ উৰে ;
কাৰোবাক নচুৱাবলে,
কাৰোবাক ঠেলিবলে ৷
কোনোবাই চুমা দিয়ে ,
কোনোবাই মচি দিয়ে ,
কোনোবাই আকৌ আঁকিয়ে দিয়ে ৷
হাঁহিৰ মাজতেই হাঁহি
আৰু
কান্দোনটো
হাঁহি !
দুখবোৰৰ হাঁহিত আকৌ
সুখবোৰে কান্দে ৷
No comments:
Post a Comment