বৰ্ষৰ প্ৰথমটি দিনতেই গ্ৰাহকৰ মুৰত মাধমাৰ দিয়া বাতৰিকাকত কেইখনৰ গ্ৰহণযোগ্যতাই বা কিমান ?
আচলতে বাতৰিকাকতত বাতৰিতকৈ বিজ্ঞাপনৰহে প্ৰাদুৰ্ভাৱ বেছি চোন ৷ আকৌ যি কেইটা বাতৰি প্ৰকাশ হয়, সেয়াও নিৰপেক্ষতাৰ ফালৰ পৰা সন্দেহমুক্ত নহয় ৷
দুখনমান কাকতে আকৌ একোটা ৰাজনৈতিক দলৰ মুখপত্ৰ হিচাপেহে কাম কৰে ৷ শিশুৰ বিশেষ পৃষ্ঠাৰ কাষতো 'লিংগবৰ্দ্ধক যন্ত্ৰ', ' বক্ষ মালিচ কৰা তেল'ৰ বিজ্ঞাপন দিবলৈ কুন্ঠাবোধ নকৰা এনে কেইখনমান নিলাজ কাকতৰ ওপৰত এতিয়া ৰাইজৰ একো আস্থা নাই ৷ দৰাচলতে মূল্যবৃদ্ধি এটা অজুহাতহে ৷ কাকতৰ উপাৰ্জনৰ সিংহভাগ দেখোন বিজ্ঞাপনৰ পৰাই আহে ৷ দাম বঢ়োৱাৰ লগতে খবৰৰ গুণগত মান বঢ়োৱাতো সমানেই গুৰুত্ব দিব লাগিব, তেওঁলোকে ৷
ইতিহাস সাক্ষী, সময়ে কাকো ক্ষমা নকৰে ৷
( ব্যতিক্ৰম আছে, এতিয়াও! তেওঁলোকে যেন গাত পাতি নলয় ৷ )
ধন্যবাদ!
জয় আই অসম ৷
No comments:
Post a Comment