Sunday, 9 March 2014

মৃত্যুকামনা, সেন্দুৰ আৰু এটি পদ্য

মৃত্যুকামনা, সেন্দুৰ আৰু এটি পদ্য

••••••••••
তোমাৰ নৃত্যৰ মৃত্যুকামনা
আৰু তোমাৰ গানৰ ,
দুয়োটাই সঁচা
আৰু তোমাৰ
হৃদয়ৰ টিউলিপ জোপাৰ ৷
কান্দিবাচোন কেতিয়াবা ,
শৃংখলবোৰ ভাঙিব'লে !

••••••••••••
সেন্দুৰ উৰে,
বতাহত উৰে
আৰু
হাঁহিটো উৰে ৷
একেখিনি সেন্দুৰ পুনৰ উৰে
উৰি তোমাৰ সেঁওতাত পৰে
নীলা সেন্দুৰো উৰি আহে ৷

••••••••••••
চকু ফটা ছোৱালীজনীৰ
কিমান যে কথা ....
তাইতো নেদেখা চকু নফটা পৃথিৱীৰ ছায়া
তাই ভিক্ষাও খোজে
খুচুৰাৰ শব্দত
টোপনি ভাঙে ৷

( আন্তৰ্জাতিক নাৰী দিৱস
উপলক্ষে প্ৰতিগৰাকী নাৰীৰ হাতত)

Thursday, 27 February 2014

শেষপত্ৰ ( গল্প)

শেষপত্ৰ …..

মৰমৰ মা ,

মই যে আজি কল্পনাৰো সিপাৰত ।
নভবা বাস্তৱে আজি কান্দি আছে মোৰ হৃদয়ৰ
শিলটুকুৰাত !

তুমিও !
তুমিওটো এক নভবা ঘটনাৰ নীৰৱ দৰ্শক আৰু
সসীমলৈ ধাৱিত নাৰী !

হয়তো ভাবিবা !
দোষ কাৰ ?
মোৰ ? তোমাৰ ?দেউতাৰ ? আমাৰ পৰিয়ালৰ ?
সমাজৰ ?

মা ! দোষ কাৰো নহয় । দোষ সময়ৰ ।

নভবাকৈয়ে হয়তো সময় হৈ উঠিল এজন পাকৈত
খেলুৱৈ ।

তুমিতো জানাই । মই দবা খেলি ভাল
পাইছিলো ।সহজ আছিল বিপক্ষক
ধৰাশায়ী কৰাতো , মোৰ বাবে ।
ভাবিছিলো !

ভাবিছিলো , সময়কো ধৰাশায়ী কৰি দিম ;
সহজেই ।
কিন্তু , সময় যে ইমান পাকৈত
খেলুৱৈ মইতো উমানেই নাপালোঁ ।

মই হাৰি গ’লো মা ; মই হাৰি গ’লো ।
এইটো জীৱনত মই প্ৰথমবাৰৰ
বাবে হাৰি গ’লো । সময়ক জিকিব দি মই
হাৰি গ’লো ।

মা!

আজি মোৰ দূৰ অতীতলৈ মনত পৰিছে । মোৰ
মনত আছে মা তুমি মোক বহু ডাঙৰলৈ কোলাত
লৈ ফুৰিছিলা । সমনীয়াৰ লগত
কাজিয়া কৰোঁতে যে মোক
স্কেলেৰে কোবাইছিলা । আৰু ! আৰু জ্বৰ
হ’লেযে মোক খুৱাই দিছিলা ।

মই জিকিলে তুমিয়ে হাঁহিছিলা আৰু হাৰিলেও
তুমিয়ে কান্দিছিলা । মনত আছেনে তোমাৰ সেই
দিনটি ; মেট্ৰিকৰ যে ফলাফল দিছিল ! ফলাফল
আশানুৰূপ নহওঁতে মোৰ লগত যে তুমিও
কান্দিছিলা ।

ঘৰৰ পৰা প্ৰথমবাৰলৈ ওলাই
আহোঁতে তুমি যিদৰে কান্দিছিলা ; দৰমহাৰ
প্ৰথম টকাকেইটা তোমাৰ হাতত দিবৰ দিনাও
তুমি একেদৰেই হাঁহিছিলা ।

কিন্তু তাৰ পিছতো মই নিজকে সৌভাগ্যৱান
বুলি ভাবিছিলো আৰু বিৰাট ভাগ্যশালী ।
কাৰণ
মোৰ পিছফালে সদায় যে তুমি আছিলা ।
আচলতে কি জানা ?
আমিবোৰ পুতলা ।

কোনোবাই বনোৱা ,কানোবাই গঢ়োৱা আৰু
কোনোবাই সজোৱা ।

ভাগ্য মা ! ভাগ্য !

মা ! মইও অংগীকাৰ কৰিছিলোঁ , তোমাৰ মুখত
আঁকি দিম , হাঁহি সোবাতকৈ সুন্দৰ ৰেখা ।

তোমাৰ পছন্দকেই আদৰি আনিম মোৰ পছন্দ
বুলি ।

মই ভগৱান নামানো মা । কাৰণ তুমি থাকোতেই
মোক কোনো ভগৱানৰ প্ৰয়োজনেই নাই।

কিন্তু সময় ! মা ! সময় !

পৰিস্থিতি ,
আৰু হৃদয়ৰ তৰংগবোৰ ।
বৈ গৈ উভতি নহা ঢৌবোৰ ।

মইও প্ৰেমত পৰিলোঁ !

নপৰো বুলিও পৰি গ’লো ।
প্ৰেমত ।

তোমাৰ মনত আছেনে ?
উৰুকাৰ ৰাতিটো মই কেনেকৈ অভিশপ্ত
কৰি তুলিছিলো । তোমাৰ আৰু দেউতাৰ আগত
যে মই কৈছিলো মইও প্ৰেমৰ নৈত নাওঁ লৈ ওলাই
গৈছো । মই প্ৰেমত পৰিলোঁ বুলি ।

আৰু তুমি হাঁহিছিলা ; লগতে দেউতাইও ।
তুমি যে হাঁহি শুধিছিলা , “ ক’ৰ ছোৱালী ও’? ”
“ঘৰ?”
মই কৈছিলোঁ , “ অসমৰেই ,লখিমপুৰৰ ।মোৰ
লগত একেলগেই ইঞ্জীনিয়াৰিং পাছ কৰা ।”

তুমি তথাপিও কৈছিলা , “ একো নহয় দে’। তোৰ
পছন্দই আমাৰো পছন্দ ।

মাথো ছোৱালীজনী ভাল হ’লেই হ’ল আৰু
আমাৰ দৰেই ব্ৰাহ্মণ ।আমি জানো , তই আমাক
নিৰাশ নকৰ ।”

এতিয়া নামটো ক’ আকৌ !

তেতিয়া তুমি কল্পনা কৰিব নোৱাৰাকৈ মোৰ
বুকুখন বিষাইছিল ।যেন কোনোবাই
হাতুৰীৰেহে কোবাইছিল হৃদয়ৰ ৰঙা তৰাটিত ।

তথাপিও মই উত্তৰ দিছিলো ; “ফৰিদা ,
ফৰিদা চুলতানা ।”

সময়ে তেতিয়া বৰ জোৰেৰে হাঁহিছিল। কি এক
ক্ৰুৰ হাঁহি । সেই হাঁহিয়ে মোক এতিয়াও
খেদি ফুৰিছে , খেদিয়ে আছে ।
তুমি যে তেতিয়া মোক
প্ৰথমবাৰলৈ চৰিয়াইছিলা ।

আৰু দেউতাই ! দেউতাই কোঠালৈ গৈ কেৱল
কান্দিছিল ।
দেউতাৰ কান্দোন !

মই পাগল হৈ গৈছিলো জানা ।

তথাপিও তুমি বুজাইছিলা , মইও বুজিছিলোঁ ।
কিন্তু বাৰে বাৰে অবুজন হৈহে ।
মোৰ বাবে সময় ৰৈ থকা নাছিল ।

আচলতে মই উপায়হীন ।
এজন ব্যৰ্থ বাটৰুৱা ।
প্ৰেম আৰু জীৱনৰ সমাধিত ৰৈ থকা ।
এজন নিচাসক্ত স্বপ্নাতুৰ ।

ভুল কৰিছিলো । দুয়োজনেই । ফৰিদা আৰু মই ।
যৌৱনৰ ভুল ।

ফৰিদাৰ সন্তানৰ ……
মই বিশ্বাসঘাটক নহওঁ মা !

ফৰিদাক প্ৰতাৰণা কৰি সুখেৰে থকা ।

আৰু কাপুৰুষো নহওঁ !

তোমালোকক প্ৰতাৰণা কৰি জীয়াই থকা ।
মই পলায়নবাদী হ’লো !
জীৱনৰ মুখামুখি হ’ব নোৱাৰিলোঁ ।
সময়ক দবাখেলত হৰুৱাব নোৱাৰিলোঁ ।

আৰু ভাগ্য ।
ভাগ্যক মই বশ কৰিব নোৱাৰিলোঁ ।

আচলতে মই একোৱেই কৰিব নোৱাৰিলোঁ ।
একোৱেই ।

এয়া ৰে’লৰ উকি শুনিলোৱেই ।

ইয়াৰ লগত গাঁঠি দিয়া আনখন
চিঠি পাৰিলে ফৰিদাক দিবা ।
আৰু ফৰিদাৰ সন্তানক ……
তোমাৰ ওপৰত মোৰ এতিয়াও অগাধ বিশ্বাস
মা !

মা!

হয়তো তুমি চিঠিখন পোৱালৈকে মই
গৈ অসীমতহে থাকিমগৈ ।

দেউতাক পাৰিলে মোৰ সেৱাটি গ্ৰহণ কৰিব
দিবা ।অহা জনমটো যেন তোমাকেই
মা হিচাবে পাওঁ !

মা !

আশাকৰোঁ মোক ক্ষমা নকৰিবা মা ।

মৰমেৰে ,

তোমাৰ ‘সোণ’…..

Tuesday, 11 February 2014

হৃদয়ৰ উমেৰে সেমেকা চিঠি

“হৃদয়ৰ উমেৰে সেমেকা চিঠি’’

মনৰ ভাষাবোৰৰ সৰে ,
চকুপানী হৈ ,
উকা পাতত বিয়পে চিয়াঁহী হৈ ;
ভাবনাৰ সাগৰ খান্দি
আহিবাচোন কেতিয়াবা
চিঠি এখন লৈ ।

তেজেৰে তিতা চিঠিখন
ডাকোৱালে দিয়ে ,
সময় আৰু প্ৰতিশ্ৰুতিবোৰ
তাতেই থাকে ।
অন্তিম স্ৰোত হৈ বিয়পে
তোমাৰ শিৰতেই ।

উন্মাদ দেহে নামানে
কবিতাৰ ভাষা
উত্তপ্ত হৈ পৰা নাম হৈ
চিঠিখন বেনামী ৰূপে বিয়পে
সমাজৰ শিখৰে শিখৰে ।

শুকুলা সাজ দলিয়াই
দাপোন ভাঙে আৰু উপায়হীন চিঠিখনে
মাথো আখৰবোৰ সলনি কৰে ,
অনুভূতিললৈ ,
চিন্তালৈ ,
সুখলৈ ,
আৱেগলৈ ,
প্ৰজন্মলৈ ,
সংঘাতৰ আৱৰ্জনালৈ ,
অনাথালয়ৰ সুখলৈ ।

“তোমাৰ নাম লিখিমেই , বেয়া পালেও উপায়  নাই ;’’

“তোমাৰ নাম লিখিমেই , বেয়া পালেও উপায়       নাই ;’’

থাকিও নথকা , তোমাৰ লগত খেলা
নিশাৰ সপোনবোৰ চকুসদৃশ নীলা ;
তোমাৰ নাম তুমিয়েই জানা ।
অতৃপ্ত মই ;
দূৰত্ব নথকা ।

শইচ সিচাঁৰ সদা স্বপ্ন ,
থাকক চিৰদিন , চ’তৰ শেষৰ
দিনবোৰৰ দৰেই ।
গছবোৰৰ দৰেই ।
গছবোৰৰ নগ্ন দেহবোৰৰ ভাঁজেৰে ।

নিলাজ , তোমাৰ দুৰন্ত প্ৰেমিক ,
আজি শিকলিবিহীন ঘোঁৰা ,
ওচৰৰ লক্ষ্য , আজি সহস্ৰ যোজন দূৰৈত ।

সেই দিনৰ বৰষুণত
কেইটিমান পলকৰ বাবেও তিতাৰ বাবেই
তোমাৰ এই মাতাল ,
অশ্লীল , হৃদয়হীন
প্ৰেমিক আৰু তাৰ
টুকুৰাবোৰ ।

পুনশ্চ:  নিশাৰ সপোন বাৰুকৈয়ে নীলা  ৷

Monday, 27 January 2014

চিন্তা- প্ৰবাহ (২)

স্নেপশ্বট (.১.) : 
কলেজৰ পৰা ৰুমলৈ আহি আছো । ৰাস্তাটো পাৰ হ’ব নোৱাৰা বাবে দীঘলীপুখুৰীৰ পাৰতে ৰৈ আছিলো । তেনেতে এটা সৰু ল’ৰা আগবাঢ়ি আহিল আৰু মোৰ আগত তাৰ হাতত থকা বাতিটো আগবঢ়াই দিলে । ল’ৰাটোৰ চেহেৰা-পোছাক চাই বেয়া লাগিল আৰু তাৰ বাতিটোত টকা দুটা দি দিলো । সি দৌৰি গুচি গ’ল । মইও আহিব ওলাইছিলোৱে , তেনেতে মোৰ পুনৰ ল’ৰাটোৰ প্ৰতি চকু গ’ল ।এইবাৰ তাক দেখিলো দোকান এখনৰ আগত । ভাবিলো , “নিশ্চয় কিবা খোৱা-বস্তু আনিব গৈছে । ” পিছমূহুৰ্ততে তাক দোকানখনৰ পৰা ওলাই অহা দেখিলো । পিছে তাৰ হাতত মই ভবাৰ দৰে বিস্কুট বা চকলেট নাছিল ; তাৰ হাতত আছিল বিষাক্ত ‘ DENDRITE ’ ৰ পেকেট এটা । মোৰ চকুৰ আগতে সি ‘ DENDRITE ’ খিনি হাতত ল’লে , এবাৰ শুঙিলে আৰু খাই পেলালে । কেইটামান মূহুৰ্তৰ ভিতৰতে এই ভয়াবহ কামতো সংঘটিত কৰি সি সেইখিনি ঠাইৰ পৰা দৌৰ দিলে । 
আমাৰ বাৰু এইখিনি ল’ৰা-ছোৱালীৰ প্ৰতি অকণমানো দায়িত্ব নাইনে ??????????????? 

স্নেপশ্বট (.২.) :
 সময় দুপৰীয়া ১ মান বাজিছে । পানবজাৰলৈ ওলাই গৈছিলো কিতাপ কিনিবৰ বাবে । দুপৰীয়াৰ গুৱাহাটীৰ ৰাস্তা । ভীষণ ব্যস্ত । তেনেতে দেখিলো বয়সিয়াল মানুহ এজনে হাতত পেং লৈ ZEBRA CROSSING ত ৰখি আছে । কিন্ত এখনো গাড়ীয়ে মানুহজনলৈ লক্ষ্য কৰি গতিবেগ কমোৱা নাই ; গাড়ী ৰখোৱাটো দূৰৈৰে কথা । গুৱাহাটীৰ ৰাজপথত দামী গাড়ী চলোৱাটো ডাঙৰ কথা নহয়; ZEBRA CROSSING বা TRAFIC SIGNAL মানি গাড়ী চলোৱাটোহে ডাঙৰ কথা । • মানুহজনক ৰাস্তাটো পাৰ হৈ যোৱাত সহায় কৰি দি এক অনন্য অনুভূতিৰ অংশীদাৰ হ’লো ।

 স্নেপশ্বট (.৩.) : 
চন্দনা গোস্বামীৰ ‘পাটকাইৰ ইপাৰে মোৰ দেশ ’ গ্ৰন্থখন পঢ়িলো । লেখিকাই যে কিতাপখনৰ বাবে যথেষ্ঠ কষ্ট কৰিছে তাৰ প্ৰমাণ কিতাপখনৰ প্ৰতিটো পৃষ্ঠাতে পোৱা যায় । ১৩,১৪ শতিকাৰ এইছোৱা বুৰঞ্জী লেখিকাই যথেষ্ঠ কষ্টেৰে উপন্যাস আকাৰে লিপিবদ্ধ কৰিছে । কিতাপখনক লৈ যিমানে সমালোচনা নহওঁক , তথাপিও মই এইটো কথা বাৰে বাৰে কম যে কিতাপখন পঢ়ি ‘ শিকিলো , জানিলো , বুজিলো ’ । • কিতাপখনৰ আৰম্ভণিতে লেখিকাই কিতাপখনক এখন উপন্যাস বুলি কৈছে । কিতাপখনৰ মাজত ভুলৰ সন্ধান কৰা , কাহিনীক বিকৃত কৰা বুলি অভিযোগ তোলা সমালোচকসকলে কথাতো মন কৰা উচিত । কাৰণ কাহিনীক ৰসাল আৰু মনোগ্ৰাহী কৰাৰ স্বাৰ্থত কেতিয়াবা কেতিয়াবা কিছুমান চৰিত্ৰ বা কাহিনী সজাই-পৰাই একো-একোখন উপন্যাসত অন্তৰ্ভূক্ত কৰা হয় ; কোনো বুৰঞ্জীমূলক উপন্যাসেই ইয়াৰ ব্যতিক্ৰম নহয় ।

স্নেপশ্বট (৪) – 
ভাড়া ঘৰৰ পানীৰ টেংকীটো বেয়া হৈ আছিল বহু দিনৰ পৰা । অৱশেষত মালিকে টেংকিটো ভাল কৰিবলৈ মানুহ এজন মাতিলে । পানীৰ টেংকীটো ভাল কৰি থাকোতে তেওঁ মোৰ চকুৱে চকুৱে পৰিলে , মানুহজনৰ ওচৰলৈ গ’লো আৰু চিনাকি হ’লো । তেওঁৰ নাম খাইৰুল । ঘৰ গোৱালপাৰাৰ কোনো এখন গাওঁত । গুৱাহাটীলৈ ৭-৮ বছৰ আগেয়ে উঠি আগেয়ে উঠি আহিছে আৰু কাৰিকৰৰ কাম কৰি কোনোমতে পেট প্ৰৱৰ্ত্তন কৰি আছে । কথাৰ মাজতে মানুহজনৰ ঘৰ-সংসাৰৰ কথা ওলাল । মানুহজনৰ পৰিয়াল তিনিজনীয়া ; পত্নী আৰু ল’ৰাৰ সৈতে । ল’ৰাটোক নাম লগাই দিছে গুৱাহাটীৰে জাতীয় বিদ্যালয় এখনত । খাইৰুলে কৈ গ’ল ; “ ভাইটি ; কেতিয়াবা দূখ লাগে বুজিছা ! ভালদৰে পঢ়া- শুনা কৰিব পাৰিলে হয়তো এনে অৱস্থা নহ’লহেঁতেন । নিজেতো ভাষাটো ভালদৰে লিখিব নিশিকিলোৱে ! কিন্তু ল’ৰাটোক জাতীয় বিদ্যালয়ত দিছো । আমাৰ ল’ৰা ইংৰাজী মাধ্যমত পঢ়ি চাহাব হ’ব নালাগে , সি অসমীয়া মাধ্যমতে পঢ়ক ; কিন্তু সি যাতে অসমীয়া ভাষা আৰু সংস্কাৰ ভালদৰে শিকে । তাৰ বাবে লাগিলে মই ভিক্ষায়ে কৰিব নালাগক কিয় ! ভাবিলো, “ খাইৰুলহতঁৰ দৰে মানুহ থকালৈকে অসমীয়া , অসমীয়া ভাষা আৰু অসম নমৰে । অসমীয়াৰ অসম , অসম হৈয়ে ৰৈ যাব যুগ যুগান্তৰলৈ । ” 
( ঘটনাটো সম্পূৰ্ণ সত্য । মাথো চৰিত্ৰ আৰু ঠাইৰ নাম সলনি কৰা হৈছে । )

Sunday, 26 January 2014

টুকুৰা - ২

টুকুৰা - ২
১.
প্ৰতিশোধ
জ্বালা
আৰু
নিষিদ্ধতা !
সংমিশ্ৰণেই
জীৱনৰ আশা ৷
২.
সেউজীয়া নৈত
থকা ৰঙা সমতলত,
একেলগে গোটাই ফুৰা
পাহাৰৰ টুকুৰা!
আৰু
মেঘৰ নক্সা ৷
৩.
নোযোৱাৰ বেদনাতকৈ
যোৱাৰ হেঁপাহ
বহুত বেছি,
তাতোকৈ বেছি
তোমাৰ মাতৰ
নেহেঁৰুওৱা যৌৱনখিনি  ৷

টুকুৰা - ১

টুকুৰা 

১.
সপোনবোৰ ওঁঠৰ দুৱাৰডলিত
সময়বোৰ মুখৰ
আৰু
জীৱনটো বুকুৰ
শেষ বিন্দুটিত  !

২.
আজি বজাৰত
তোমাক বিচাৰি
হেঁপাহৰ ধূলি
উৰুৱাইছিলো ৷

আৰু
মৌন সময়ৰ
ওঁঠত আন্ধাৰৰ
বৰণ দিছিলো ৷

৩.
আন্ধাৰ হৈ নমা
সোণ যেন
ইচ্ছাবোৰ
আৰু
দুখৰ শৃংগ বোৰ !

তোমাৰ সেওঁতাত যেন
তাৰেই অস্তাচল ৷