Monday, 27 January 2014

চিন্তা- প্ৰবাহ (২)

স্নেপশ্বট (.১.) : 
কলেজৰ পৰা ৰুমলৈ আহি আছো । ৰাস্তাটো পাৰ হ’ব নোৱাৰা বাবে দীঘলীপুখুৰীৰ পাৰতে ৰৈ আছিলো । তেনেতে এটা সৰু ল’ৰা আগবাঢ়ি আহিল আৰু মোৰ আগত তাৰ হাতত থকা বাতিটো আগবঢ়াই দিলে । ল’ৰাটোৰ চেহেৰা-পোছাক চাই বেয়া লাগিল আৰু তাৰ বাতিটোত টকা দুটা দি দিলো । সি দৌৰি গুচি গ’ল । মইও আহিব ওলাইছিলোৱে , তেনেতে মোৰ পুনৰ ল’ৰাটোৰ প্ৰতি চকু গ’ল ।এইবাৰ তাক দেখিলো দোকান এখনৰ আগত । ভাবিলো , “নিশ্চয় কিবা খোৱা-বস্তু আনিব গৈছে । ” পিছমূহুৰ্ততে তাক দোকানখনৰ পৰা ওলাই অহা দেখিলো । পিছে তাৰ হাতত মই ভবাৰ দৰে বিস্কুট বা চকলেট নাছিল ; তাৰ হাতত আছিল বিষাক্ত ‘ DENDRITE ’ ৰ পেকেট এটা । মোৰ চকুৰ আগতে সি ‘ DENDRITE ’ খিনি হাতত ল’লে , এবাৰ শুঙিলে আৰু খাই পেলালে । কেইটামান মূহুৰ্তৰ ভিতৰতে এই ভয়াবহ কামতো সংঘটিত কৰি সি সেইখিনি ঠাইৰ পৰা দৌৰ দিলে । 
আমাৰ বাৰু এইখিনি ল’ৰা-ছোৱালীৰ প্ৰতি অকণমানো দায়িত্ব নাইনে ??????????????? 

স্নেপশ্বট (.২.) :
 সময় দুপৰীয়া ১ মান বাজিছে । পানবজাৰলৈ ওলাই গৈছিলো কিতাপ কিনিবৰ বাবে । দুপৰীয়াৰ গুৱাহাটীৰ ৰাস্তা । ভীষণ ব্যস্ত । তেনেতে দেখিলো বয়সিয়াল মানুহ এজনে হাতত পেং লৈ ZEBRA CROSSING ত ৰখি আছে । কিন্ত এখনো গাড়ীয়ে মানুহজনলৈ লক্ষ্য কৰি গতিবেগ কমোৱা নাই ; গাড়ী ৰখোৱাটো দূৰৈৰে কথা । গুৱাহাটীৰ ৰাজপথত দামী গাড়ী চলোৱাটো ডাঙৰ কথা নহয়; ZEBRA CROSSING বা TRAFIC SIGNAL মানি গাড়ী চলোৱাটোহে ডাঙৰ কথা । • মানুহজনক ৰাস্তাটো পাৰ হৈ যোৱাত সহায় কৰি দি এক অনন্য অনুভূতিৰ অংশীদাৰ হ’লো ।

 স্নেপশ্বট (.৩.) : 
চন্দনা গোস্বামীৰ ‘পাটকাইৰ ইপাৰে মোৰ দেশ ’ গ্ৰন্থখন পঢ়িলো । লেখিকাই যে কিতাপখনৰ বাবে যথেষ্ঠ কষ্ট কৰিছে তাৰ প্ৰমাণ কিতাপখনৰ প্ৰতিটো পৃষ্ঠাতে পোৱা যায় । ১৩,১৪ শতিকাৰ এইছোৱা বুৰঞ্জী লেখিকাই যথেষ্ঠ কষ্টেৰে উপন্যাস আকাৰে লিপিবদ্ধ কৰিছে । কিতাপখনক লৈ যিমানে সমালোচনা নহওঁক , তথাপিও মই এইটো কথা বাৰে বাৰে কম যে কিতাপখন পঢ়ি ‘ শিকিলো , জানিলো , বুজিলো ’ । • কিতাপখনৰ আৰম্ভণিতে লেখিকাই কিতাপখনক এখন উপন্যাস বুলি কৈছে । কিতাপখনৰ মাজত ভুলৰ সন্ধান কৰা , কাহিনীক বিকৃত কৰা বুলি অভিযোগ তোলা সমালোচকসকলে কথাতো মন কৰা উচিত । কাৰণ কাহিনীক ৰসাল আৰু মনোগ্ৰাহী কৰাৰ স্বাৰ্থত কেতিয়াবা কেতিয়াবা কিছুমান চৰিত্ৰ বা কাহিনী সজাই-পৰাই একো-একোখন উপন্যাসত অন্তৰ্ভূক্ত কৰা হয় ; কোনো বুৰঞ্জীমূলক উপন্যাসেই ইয়াৰ ব্যতিক্ৰম নহয় ।

স্নেপশ্বট (৪) – 
ভাড়া ঘৰৰ পানীৰ টেংকীটো বেয়া হৈ আছিল বহু দিনৰ পৰা । অৱশেষত মালিকে টেংকিটো ভাল কৰিবলৈ মানুহ এজন মাতিলে । পানীৰ টেংকীটো ভাল কৰি থাকোতে তেওঁ মোৰ চকুৱে চকুৱে পৰিলে , মানুহজনৰ ওচৰলৈ গ’লো আৰু চিনাকি হ’লো । তেওঁৰ নাম খাইৰুল । ঘৰ গোৱালপাৰাৰ কোনো এখন গাওঁত । গুৱাহাটীলৈ ৭-৮ বছৰ আগেয়ে উঠি আগেয়ে উঠি আহিছে আৰু কাৰিকৰৰ কাম কৰি কোনোমতে পেট প্ৰৱৰ্ত্তন কৰি আছে । কথাৰ মাজতে মানুহজনৰ ঘৰ-সংসাৰৰ কথা ওলাল । মানুহজনৰ পৰিয়াল তিনিজনীয়া ; পত্নী আৰু ল’ৰাৰ সৈতে । ল’ৰাটোক নাম লগাই দিছে গুৱাহাটীৰে জাতীয় বিদ্যালয় এখনত । খাইৰুলে কৈ গ’ল ; “ ভাইটি ; কেতিয়াবা দূখ লাগে বুজিছা ! ভালদৰে পঢ়া- শুনা কৰিব পাৰিলে হয়তো এনে অৱস্থা নহ’লহেঁতেন । নিজেতো ভাষাটো ভালদৰে লিখিব নিশিকিলোৱে ! কিন্তু ল’ৰাটোক জাতীয় বিদ্যালয়ত দিছো । আমাৰ ল’ৰা ইংৰাজী মাধ্যমত পঢ়ি চাহাব হ’ব নালাগে , সি অসমীয়া মাধ্যমতে পঢ়ক ; কিন্তু সি যাতে অসমীয়া ভাষা আৰু সংস্কাৰ ভালদৰে শিকে । তাৰ বাবে লাগিলে মই ভিক্ষায়ে কৰিব নালাগক কিয় ! ভাবিলো, “ খাইৰুলহতঁৰ দৰে মানুহ থকালৈকে অসমীয়া , অসমীয়া ভাষা আৰু অসম নমৰে । অসমীয়াৰ অসম , অসম হৈয়ে ৰৈ যাব যুগ যুগান্তৰলৈ । ” 
( ঘটনাটো সম্পূৰ্ণ সত্য । মাথো চৰিত্ৰ আৰু ঠাইৰ নাম সলনি কৰা হৈছে । )

Sunday, 26 January 2014

টুকুৰা - ২

টুকুৰা - ২
১.
প্ৰতিশোধ
জ্বালা
আৰু
নিষিদ্ধতা !
সংমিশ্ৰণেই
জীৱনৰ আশা ৷
২.
সেউজীয়া নৈত
থকা ৰঙা সমতলত,
একেলগে গোটাই ফুৰা
পাহাৰৰ টুকুৰা!
আৰু
মেঘৰ নক্সা ৷
৩.
নোযোৱাৰ বেদনাতকৈ
যোৱাৰ হেঁপাহ
বহুত বেছি,
তাতোকৈ বেছি
তোমাৰ মাতৰ
নেহেঁৰুওৱা যৌৱনখিনি  ৷

টুকুৰা - ১

টুকুৰা 

১.
সপোনবোৰ ওঁঠৰ দুৱাৰডলিত
সময়বোৰ মুখৰ
আৰু
জীৱনটো বুকুৰ
শেষ বিন্দুটিত  !

২.
আজি বজাৰত
তোমাক বিচাৰি
হেঁপাহৰ ধূলি
উৰুৱাইছিলো ৷

আৰু
মৌন সময়ৰ
ওঁঠত আন্ধাৰৰ
বৰণ দিছিলো ৷

৩.
আন্ধাৰ হৈ নমা
সোণ যেন
ইচ্ছাবোৰ
আৰু
দুখৰ শৃংগ বোৰ !

তোমাৰ সেওঁতাত যেন
তাৰেই অস্তাচল ৷

Saturday, 25 January 2014

চিন্তা- প্ৰবাহ (১)

বৰ্ষৰ প্ৰথমটি দিনতেই গ্ৰাহকৰ মুৰত মাধমাৰ দিয়া বাতৰিকাকত কেইখনৰ গ্ৰহণযোগ্যতাই বা কিমান  ?

আচলতে বাতৰিকাকতত বাতৰিতকৈ  বিজ্ঞাপনৰহে প্ৰাদুৰ্ভাৱ বেছি চোন ৷ আকৌ যি কেইটা বাতৰি প্ৰকাশ হয়,  সেয়াও নিৰপেক্ষতাৰ ফালৰ পৰা সন্দেহমুক্ত নহয় ৷

দুখনমান কাকতে আকৌ একোটা ৰাজনৈতিক দলৰ মুখপত্ৰ হিচাপেহে কাম কৰে ৷ শিশুৰ বিশেষ পৃষ্ঠাৰ কাষতো 'লিংগবৰ্দ্ধক যন্ত্ৰ', ' বক্ষ মালিচ কৰা তেল'ৰ বিজ্ঞাপন দিবলৈ কুন্ঠাবোধ নকৰা এনে কেইখনমান নিলাজ কাকতৰ ওপৰত এতিয়া ৰাইজৰ একো আস্থা নাই ৷ দৰাচলতে মূল্যবৃদ্ধি এটা অজুহাতহে ৷ কাকতৰ উপাৰ্জনৰ সিংহভাগ দেখোন বিজ্ঞাপনৰ পৰাই আহে ৷ দাম বঢ়োৱাৰ লগতে খবৰৰ গুণগত মান বঢ়োৱাতো সমানেই গুৰুত্ব দিব লাগিব,  তেওঁলোকে ৷

ইতিহাস সাক্ষী,  সময়ে কাকো ক্ষমা নকৰে ৷
( ব্যতিক্ৰম আছে,  এতিয়াও!  তেওঁলোকে যেন গাত পাতি নলয় ৷ )
ধন্যবাদ!
জয় আই অসম ৷

Thursday, 23 January 2014

পথাৰৰ মানুহ

পথাৰৰ মানুহ
সেউজীয়া পথাৰ
আৰু
আবেলি ,
সন্ধ্যা নমাৰ
আগেয়ে খোজকঢ়া
আজি কৰুণ সপোন !
আৰু তুমি  !
তোমাৰ পথাৰত
হাল বোৱাৰ আগেয়ে
এবাৰ কিয়
ন'কলা
চাউল নালাগে বুলি ৷
ৰাঙলী নকৰাকৈয়ে কাটি
আনিলোহেঁতেন তোমাৰ খেতিদৰা  !

Wednesday, 22 January 2014

কাঁইট

কাঁইট

গৰীয়সী !
তোমাৰককাদেউতাৰ
ধুতিখনত
লাগি থকা
কাঁইটডালে
আজিও
মোক
বিন্ধিলে !

জীৱনৰ মথাউৰিত
চাইকেল চলোৱা ;
মোৰ ককাই মোক আজিও
সোঁৱৰাই দিলে

সোঁৱৰণি হ'ব
খোজা
সেই
দুমুখীয়া অতীতলৈ !

গল্প এটা লিখি

গল্প এটা লিখি
গল্প এটা লিখিলো :

" নৈ খনৰ দুয়ো পাৰেই
তুমি ,
এপাৰেহে মই  ,
মাজত এটা
চনেট,
আৰু চনেটত
শিয়ালৰ নিসংগ
কিৰিলি  ৷
কিৰিলিত বাংময়
আভা, 
নৈখনক
জোকাই লোৱা ৷"

নুশুনিবা

নুশুনিবা
হাঁহি অলপ দিলা
হৃদয়ৰ
কেকটাছডালত ;
কথাবোৰ নমাই আনা ৷
' জোনাক হৈ'
চকুলো দিয়া
বৰষুণৰ
দেশত !
সানমিহলি কৰা
গানৰ যৌৱন ৷

উৰণীয়া হাঁহি

উৰণীয়া হাঁহি

হাঁহিবোৰ উৰে
কাৰোবাক হঁহুৱাবলে  ,
হাঁহিবোৰ উৰে
কাৰোবাক কন্দুৱাবলে  ৷

হাঁহিবোৰ আকৌ উৰে ;
কাৰোবাক নচুৱাবলে,
কাৰোবাক ঠেলিবলে  ৷

কোনোবাই চুমা দিয়ে ,
কোনোবাই মচি দিয়ে ,
কোনোবাই আকৌ আঁকিয়ে দিয়ে   ৷

হাঁহিৰ মাজতেই  হাঁহি
আৰু
কান্দোনটো
হাঁহি  !

দুখবোৰৰ হাঁহিত আকৌ
সুখবোৰে কান্দে ৷

Tuesday, 21 January 2014

অকবিতা

অকবিতা’ - 
‘যোৱা সংখ্যাৰ পিছৰ পৰা’
 হৃদয়ত অজস্ৰ 
লাইনচ্যুত ৰে’লগাড়ী :
তোমাৰ সেউজীয়া হাঁহিত 
বাট হেৰুওঁৱাৰ দু:স্বপ্ন 
আজি দুচকুত ।
বুজা-নুবুজাৰ দোমোজা ! 

মালিতাৰ আঁচলৰে চকুপানী মচি
কাঁইট হৈ ফ়ুলাৰ আগতে ছিঙি নিবানে ?
কিয় বাৰু পানী দিছিলা ? যদি ছিঙিবলৈয়ে ৰুইছিলা ? 

শূন্যতা অহা পক্ষীৰ বাটেৰে
সোঁৱৰণি হৈ 
উকা কৰাৰ আগেয়ে এবাৰ চাবা !
অশ্লীল এই প্ৰেমিকৰ
মৃতদেহলৈ …….