যোৱানিশা ফুটবল বিশ্বকাপৰ খেল এখন চাই
আছিলো । খেলখন আছিল হণ্ডুৰাছ আৰু
ইকুৱেডৰৰ মাজত ।
খেলখন আৰম্ভ হোৱাৰ
আগতে দুয়োখন দেশৰেই জাতীয় সংগীত পৰিৱেশন
কৰা হৈছিল । হণ্ডুৰাছৰ খেলৱৈসকলক
দেখিছিলো , যথেষ্ট মন-প্ৰাণ ঢালি , দুচকু
মুদি গীতটি গায় আছিল । একেসময়তে তেওঁলোকৰ
দেশৰ নাগৰিক সকলেও দৰ্শকৰ আসনৰ পৰা থিয়
দিছিল আৰু জাতীয় সংগীতটি গাইছিল ।
কি যে এক ভাল লগা দৃশ্য !
একসময়তে মোৰ যথেষ্ট বেয়াও লাগিছিল । ৩২
খন দেশৰ জাতীয় সংগীত পৰিৱেশিত হ’ল । কিন্তু
ইয়াৰ মাজত নাই আমাৰ ভাৰতবৰ্ষ । অতিশয়
অনগ্ৰসৰ , মাত্ৰ কেইলাখমান
জনসংখ্যা থকা দেশেও আজিৰ তাৰিখত
পৃথিৱী কঁপাই আছে , একমাত্ৰ ফুটবলৰ জৰিয়তে ।
কিন্তু আমি , শতাধিক কৌটিৰ দেশ এখন হৈও
সমৰ্থন কৰিবলগীয়া হৈছে ব্ৰাজিল , জাৰ্মানীৰ
দৰে আনৰ দেশক । উপায়হীন আমি !
একেদৰে কালি CNN ত
দেখিলো কিদৰে ক’ষ্টাৰিকাৰ জনতাই ৰাজপথত
উল্লাসেৰে আনন্দোৎসৱ পালন কৰিছে ।
ৰাজপথত মাথো ক’ষ্টাৰিকাৰ পতাকা ।
কোনদিনা যে আমিও একেদৰেই উল্লাস কৰিব
পাৰিম !
ভাৰতবৰ্ষৰ ৰাজপথ ভৰি পৰিব গেৰুৱা , শুকুলা আৰু
শ্যামল ৰঙেৰে !
কোনদিনা একেদৰেই বাজি উঠিব আমাৰ ‘জন গন
মন’ বিশ্বকাপ ফুটবলৰ ষ্টেডিয়ামত !
আশাকৰো সেই সুদিন সোনকালেই আহক ।
Saturday, 28 June 2014
আৰু কিমান দূৰ ?
Thursday, 12 June 2014
খেল আৰু পৃথিৱী...
এখন কেৰমবোৰ্ড !
খেলুৱৈ
দুজন । এফালে এটা মেকুৰী আৰু আনফালে এজন উকীল ।
উকীলৰ হাতত এডাল ঝাড়ু আৰু মেকুৰীটোৰ মুখত এখন 'ঈশ্বৰৰ ফটো' ।
লাহে লাহে খেল আৰম্ভ হয় ।
খেলৰ লগে লগে দূৰৈত ভিক্ষাৰীজনে চিঞঁৰে Fortune Fortune বুলি ।
একেসময়তে
কাৰোবাৰ গানত গঁড়বোৰে চকুপানী টোকে ।
সেউজীয়া
বৰষুণ আৰু লেখকৰ শৱযাত্ৰা মিহলি হৈ একেলগে বজাই চনেটৰ মূৰ্চ্ছনা ।
খেল শেষ নহয় , চলিয়েই
থাকে ।
ক্ৰমে ক্ৰমে কেৰমৰ গুটিবোৰ মেকুৰীটোৰ পেটলৈ গমন কৰে ।
লাহে লাহে 'আন্তজাল'ৰ সংযোগ বিচ্ছিন্ন হয় ।
উকীলজনে
খেলখন পুনৰ আৰম্ভ কৰে ।
আপুনি খেলিবনে খেলখন ?
খেলিবনে ?
ফুটবল , ব্ৰাজিল আৰু মই
ফুটবল , ব্ৰাজিল আৰু মই …
ধ্যানছাঁদ , তেণ্ডুলকাৰ আৰু আনন্দৰ দেশত ওপজিলেও জনা-বুজা হোৱাৰ পৰা ফুটবলৰ প্ৰতিহে মোৰ অদম্য আকৰ্ষণ । ইউৰোপীয়ান লীগকে ধৰি বিভিন্ন খেলবোৰ মাজনিশা যেতিয়াই তেতিয়াই চাও । বিশ্বকাপ বুলিলেতো কথাই নাই । সৰুৰে পৰা দেউতাৰ মুখত শুনিছো পেলেৰ কথা ; লগতে শুনিছো এলবাৰ্টো টৰেছ , ৰিভেলিনো , জিকো , ৰোমাৰিও , কাকুৰ কথা । প্ৰেমত পৰিছো ব্ৰাজিলৰ , ব্ৰাজিলৰ ফুটবল আৰু ছাম্বা নৃত্যৰ ।
১৯৯৮ চনৰ বিশ্বকাপৰ কথা মনত নাই , কিন্তু
শুনিছো কিদৰে ৰোণাল্ডোৰ হাতৰ পৰা জিদানে সোণালী কাপতো কাঢ়ি লৈ গৈছিল । ২০০২ ৰ বিশ্বকাপৰ কথা অলপ হ’লেও মনত আছে । মনত আছে কিদৰে চেনেগাল , তুৰ্কীয়ে ঘটাইছিল অঘটন । ৰোণাল্ডো আৰু ৰোণাল্ডিনহোৰ দুভৰিৰ যাদুৰ কথা মুখে মুখে বাগৰিছিল আৰু বিচৰা ধৰণেই ব্ৰাজিল হৈছিল বিজয়ী ।
২০০৬ ৰ বিশ্বকাপ ভালকৈ উপভোগ কৰিছিলো । আশা কৰিছিলো জাৰ্মানীত বাজিব ছাম্বাৰ লহৰ । কিন্তু ভবামতে নহৈ ফ্ৰান্সৰ হাতত ব্ৰাজিল পৰাজিত হৈছিল । জিদানৰ সম্মুখত পুনৰবাৰ নিসহায় হৈ ৰৈছিল ৰোনাল্ডো । অৱশ্যে ঘানাৰ বিৰুদ্ধে গোল কৰি ৰোনাল্ডোই বিশ্বকাপৰ সৰ্বাধিক গোল কৰাৰ ইতিহাস ৰচনা কৰিছিল ।
২০১০ ৰ বিশ্বকাপটো ব্ৰাজিলে নিৰাশ কৰিছিল মোৰ দৰে অজস্ৰ অনুৰাগীক ।
২০১৪ ! এইবাৰ ব্ৰাজিল আয়োজক ।
নেইমাৰ , ছিজাৰ , ছিলভা , হালকৰ ওপৰত আমাৰ সহস্ৰ আশা ।
পাৰিবনে
নেইমাৰে ক্ল’জ , মেছি , বালুটনি , ৰোনাল্ডক , ইনিয়েষ্টাক পৰাভূত কৰিব ?
পাৰিবনে
ব্ৰাজিলে বাফনৰ হাতৰ ফাকেঁৰে গোল কৰিব ?
পাৰিবনে
জেৰাৰ্ডৰ ৰণকৌশল ভেদ কৰিব ?
উত্তৰ পাবলৈ আৰু কেইটামান ঘণ্টা বাকী । ১২ জুলাই বা তাৰ আগতেই আমি পায় যাম সকলো প্ৰশ্নৰ উত্তৰ । আহক একেলগে উপভোগ কৰো ২১ শতিকাৰ এইখন ৰক্তপাতবিহীন মহাযুদ্ধ !
^ সৌৰভ দত্ত
১২/০৬/২০১৪
Subscribe to:
Posts (Atom)